সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসণ
গুৱাহাটী , ২৭ ফেব্ৰুৱাৰীঃ গোলাঘাটত দেশীয় সুৰাপান কৰি শতাধিক লোকৰ মৃত্যুৰ পিচত সুৰাৰ ক্ষেত্ৰত তৎপৰ হৈছে গুৱাহাটী সদৰ আবকাৰী বিভাগ। বুধবাৰে মহানগৰীৰ শান্তিপুৰত আবকাৰীৰ অনুসন্ধানত জব্দ হয় এখন চুলাই ভৰ্তি ডি আই বাহন। ৰঙিয়াৰ পৰা গুৱাহাটীলৈ লৈ যোৱা সময়ত জব্দ কৰা হয় চুলাই খিনি ।