গুৱাহাটী,৯ এপ্রিল : ঋণৰ ওপৰত ঋণ লৈ উন্নয়নৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰে কিন্তু ঋণৰ সুদ মাৰিবলৈকে ঋণ ল'বলগীয়া হৈছে । অসম চৰকাৰে ২০২১-২০২২ বৰ্ষত ১৬,৬৭০.১৫ কোটি টকাৰ ঋণ লৈছিল (Total loan Amount of Assam Government)। কিন্তু এই ঋণৰ ২১.১৬ শতাংশ অর্থাৎ ৩৫২৬.৮৯ কোটি টকা পূৰ্বৰ ঋণৰ সুদ পৰিশোধত ব্যয় কৰিছিল । আনহাতে সদ্যসমাপ্ত ২০২২-২০২৩ বৰ্ষত ৰাজ্যখনৰ ঋণৰ পৰিমাণ হৈছেগৈ ১.৩২ লাখ কোটি টকা । তেনেস্থলত সুদৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাই আহিছে ।
ইফালে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক (Comptroller and Auditor General of India) চমুকৈ কেগৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনতো ৰাজ্যখনৰ ঋণৰ বোজাৰ প্ৰসংগ উল্লেখ কৰা হৈছে । কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে আগৰ বছৰসমূহত ৰাজহুৱা ঋণৰ মূলধন হ্রাস দূৰৈৰ কথা, সুদ পৰিশোধৰ ওপৰত চাপ বৃদ্ধি হ'ব ।
কেগৰ প্রতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে মূলধন গঠন আৰু বিকাশ অবিহনে ঋণৰ পৰিমাণ বৃদ্ধি ৰাজ্যখনৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক অভাৱনীয় বোজা হৈ পৰিব (CAG report on loan of Assam govt)। কেগৰ প্ৰতিবেদনে ৰাজ্যিক বিত্তীয় ব্যৱস্থাপনাৰ ওপৰত চিন্তা ব্যক্ত কৰিছে । প্রতিবেদন অনুসৰি ৰাজ্যৰ বকেয়া ঋণৰ পৰিমাণ ২০১৭-১৮ বৰ্ষৰ ৪৯,২৭৪.৮৮ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ১৪.৩১ শতাংশ বৃদ্ধি পাই ৯৯,৯১৮.৫৪ কোটি টকা হয় ।
লক্ষ্যনীয় বিষয় যে কেগে মুকলি বজাৰৰ পৰা লোৱা ৰাজহুৱা ঋণৰ হাৰ ৰাজ্যৰ বাৰ্ষিক মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ১১.৬৬ শতাংশতকৈ বৃদ্ধি পাই ২৩.৩০ শতাংশ হোৱাটোত গভীৰ উদ্বেগ প্রকাশ কৰিছে । উল্লেখ্য যে ২০২০-২১ বৰ্ষত ৰাজ্যৰ বকেয়া ঋণ আছিল ৮৭,৪০৭.৭৯ কোটি টকা । ২০২১-২২ বৰ্ষত অতিৰিক্তভাৱে ১২,৫১০.৭৫ কোটি টকাৰ ঋণ লোৱাত বকেয়া ঋণৰ পৰিমাণ ৯৯,৯১৮.৫৪ কোটি টকালৈ বৃদ্ধি পায় ।