গুৱাহাটী, ১৬ জুলাই: ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰে এটা ঘোষণাই নি:সন্দেহে উপকৃত কৰিব ৰাজ্যৰ গো-পালক সকলক । গো-পালকৰ লগতে পশুধনৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা থলুৱা ব্যৱসায়ী সকলকো চৰকাৰৰ এই নতুন সিদ্ধান্তই উপকৃত কৰিব ।
যি সময়ত ৰাজ্য চৰকাৰখনে বিধানসভাৰ চলিত বাজেট অধিবেশনতে গো সুৰক্ষা বিধেয়ক ইতিমধ্যে উত্থাপন কৰিছে তেনে সময়তে আজিৰ বাজেটত গো-ধনক লৈ বিত্তমন্ত্ৰীয়ে কৰা নতুন ঘোষণা তাৎপৰ্যপূৰ্ণ । বাজেটত ঘোষণা কৰা অনুসৰি, এতিয়াৰে পৰা কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰে গৰু আৰু ম'হৰ ৮০ৰ পৰা ৯০ শতাংশ মাইকী পোৱালি জন্ম দিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পশুপালন বিভাগে ।