গুৱাহাটী, ৮ মাৰ্চ : গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ (Assam government facing deep economic crisis) ! বলৱৎ হ'ব- 'এক পৰিয়াল এক আঁচনি' ৷ অর্থাৎ এজন হিতাধিকাৰী এখন আঁচনি ৷ একেজন হিতাধিকাৰীয়ে নাপাব কেইবাখনো আঁচনিৰ সুবিধা ৷ ৰাজ্য চৰকাৰৰ বাবে বুমেৰাং হৈ পৰিছে ভোট বেংক সুৰক্ষিত ৰক্ষাৰ স্বাৰ্থত জধেমধে ঘোষণা কৰা হিতাধিকাৰী সৃষ্টি কৰা বিনামূলীয়া আঁচনিসমূহ ৷ প্ৰায় ১ লাখ ৩২ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত ককবকাই থকা ৰাজ্যৰ বিত্ত বিভাগে 'এক পৰিয়াল এক আঁচনি' নীতি বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে (Assam govt to implement one family one scheme) ।
ঋণৰ বোজাৰ বাবেই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে সম্প্ৰতি বছৰি ৭,০০০ কোটি টকাৰ সুত ভৰিবলগা হৈছে । কেগৰ তৰফৰপৰা বাৰম্বাৰ অনুৎপাদনমূলক হিতাধিকাৰী আঁচনিৰ নামত ৰাজকোষৰ ধনৰ শৰাধ নকৰিবলৈ সকীয়নি দি থকা হৈছে (Himanta Biswa Sarma led BJP govt) ৷ তাৰ পাছতো ৰাজ্য চৰকাৰে মনা নাই এই সকীয়নি । ফলস্বৰূপে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা দিনকদিনে শোচনীয় হৈ পৰিছে । এনে সময়তে বিত্ত বিভাগে বলৱতৰ সিদ্ধান্ত লৈছে- 'এক পৰিয়াল এক আঁচনি' নীতি (Assam govt one family one beneficiary scheme) ৷
ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে যোৱা ১ মাৰ্চত জাৰি কৰিছে এক কাৰ্যালয় স্মাৰক ৷ য'ত দীনদয়াল দিব্যাংগ আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি দুখন অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত ৷ ইয়াৰ ফলত একোগৰাকী হিতাধিকাৰীয়ে একে সময়তে দুই-তিনিখনকৈ আঁচনিৰ সুবিধা লোৱাটোও অন্ত পৰিল । উল্লেখ্য, জিলা উপায়ুক্তৰ নেতৃত্বত গঠিত জিলা পৰ্যায়ৰ পুনৰীক্ষণ কমিটী আৰু মহকুমাধিপতিসকলক লৈ মহকুমা পৰ্যায়ৰ পুনৰীক্ষণ কমিটীৰ পৰীক্ষাকালত হিতাধিকাৰী আঁচনিসমূহক লৈ বিভিন্ন বিসংগতি ধৰা পৰিছে ।