অসম

assam

Udyam 2023 : ৰাজ্যৰ উদ্যোগীসকলক বজাৰ দিয়াৰ লক্ষ্যৰে চৰকাৰৰ বিশেষ পদক্ষেপ

By

Published : Feb 12, 2023, 4:19 PM IST

ৰাজ্যজুৰি 'উদ্যম-২০২৩'ৰ (Udyam 2023) যোগেদি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা । আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিৱিৰো ব্যৱস্থা উদ্যোগ আৰু বাণিজ্য বিভাগৰ । ১৩ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন পৰ্যায়ত ৯ খন জিলাত অনুষ্ঠিত হ'ব 'উদ্যম-২০২৩'। উপকৃত হ'ব পাঁচ সহস্ৰাধিক উদ্যোগী ।

Udyam 2023
ৰাজ্যৰ উদ্যোগীসকলক বজাৰ দিয়াৰ লক্ষ্যৰে চৰকাৰৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ উদ্যোগীসকলক বজাৰ দিয়াৰ লক্ষ্যৰে চৰকাৰৰ বিশেষ পদক্ষেপ

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উদ্যোগমুখী কৰি তোলাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি লোৱা হৈছে এক বিশেষ উদ্যোগ ৷ যুৱক-যুৱতীসকলৰ উদ্যোগমুখী কৰাৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বিপণনৰ সুবিধা দিবলৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ড বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এক অভিলাষী কাৰ্যসূচী ।

এই কাৰ্যসূচীৰ এক বিশেষ অংশ হিচাবে ৰাজ্যজুৰি 'উদ্যম-২০২৩'ৰ (Udyam 2023) যোগেদি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে । ইতিমধ্যে ডিব্ৰুগড় জিলাৰ ৰাজগড় আৰু লখিমপুৰ জিলাৰ নাৰায়ণপুৰত এই কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হৈছে ৷

আনহাতে, ১৩ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন পৰ্যায়ত ৯ খন জিলাত এই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ দিহা কৰা হৈছে । দেওবাৰে দিছপুৰৰ চৰকাৰী আৱাসত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora)।

মন্ত্ৰীগৰাকীয়ে কয় যে, ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে তামুলপুৰত, ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে নগাঁও আৰু ডিফুত, ২০ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈকে শোণিতপুৰত, ২৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে ওদালগুৰিত, ২০ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈকে যোৰহাটত, ২২ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে কাছাৰত, ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে কামৰূপত আৰু ২৫ ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈকে তিনিচুকীয়াত 'উদ্যম-২০২৩' অনুষ্ঠিত হ'ব (Small industry training under Udyam 2023)।

প্ৰতিখন প্ৰদৰ্শনীত ১০০ জনকৈ উদ্যোগীয়ে নিজৰ বিপণিযোগে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰিব পাৰিব । তদুপৰি এই কাৰ্যসূচীৰ যোগেদি মৌ-পালন আৰু প্ৰক্ৰিয়াকৰণ, গাহৰি পালন আৰু মাংস প্ৰক্ৰিয়াকৰণ, ফলমূল সংৰক্ষণ, পেইণ্টিং ইত্যাদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । মন্ত্ৰী বিমল বড়াই লগতে কয় যে, ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তা থকা বিভিন্ন বিষয়ত আলোচনা চক্ৰৰ লগতে প্ৰশিক্ষণ দিয়া হ'ব । এই কাৰ্যসূচীত ভালেসংখ্যক সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব (Event for growth of MSME in Assam)।

ৰাজ্যৰ উদ্যমীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ এখন বজাৰ দিয়াৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ১৩ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন পৰ্যায়ত ৯ খন জিলাত আয়োজন কৰা কাৰ্যসূচীৰ যোগেদি পাঁচ সহস্ৰাধিক উদ্যোগী উপকৃত হ'ব । সংবাদমেলত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব লক্ষ্মনন এছ উপস্থিত আছিল ।

লগতে পঢ়ক:Sankardev Sangha Conference : আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

ABOUT THE AUTHOR

...view details