গুৱাহাটী, 16 নৱেম্বৰ: এইবাৰ অসম চৰকাৰে কৃষকৰ পৰা সম্পূৰ্ণ ধান পোনপোটীয়াভাৱে ক্ৰয় কৰিব (Assam govt to buy paddy directly from farmers)। এইবাৰ কৃষকৰ পৰা ধন ক্ৰয়ৰ বাবে চৰকাৰে প্ৰতি কুইন্টলত ২০৪০ টকা দৰ নিৰ্ধাৰণ কৰিব (Govt Paddy prices in Assam)। অৰ্থাৎ কৃষকে প্ৰতি কুইন্টল ধান ২০৪০ টকাত বিক্ৰী কৰিব পাৰিব চৰকাৰক । গুৱাহাটীৰ খানাপাৰা খেলপথাৰত বুধবাৰে অনুষ্ঠিত কৃষি বিভাগৰ মিলেট অভিযানৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ।
তেওঁ কয় যে, যোৱা বছৰ চৰকাৰে কৃষকৰ পৰা প্ৰতি কুইন্টল ধান ১৯৬০ টকাত ক্ৰয় কৰিছিল । কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ৬ লাখ ৬০ হাজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰা হৈছিল । এইবাৰ ধান ক্ৰয় কেন্দ্ৰ বৃদ্ধি কৰা হ'ব (Paddy Procurement Centers in Assam) । এইবাৰ কৃষকসকলে মিলৰ মালিক বা মহাজনৰ লগত ধান বিক্ৰীৰ বাবে আগতীয়াকৈ চুক্তি কৰিব নালাগে । চৰকাৰে কৃষকসকলৰ সম্পূৰ্ণ ধান ক্ৰয় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে (Assam CM on Paddy Procurement) ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে এই কথাও কয় যে, প্ৰয়োজন হ'লে চৰকাৰে ১৫ লাখ মেট্ৰিক ধান কৃষকৰ পৰা কিনিবলৈ সাজু আছে । কৃষি বিভাগৰ মিলেট অভিযান মুকলি কৰি চৰকাৰে মিলেট মিছনৰ (Millet mission in Assam) জৰিয়তে অসমত ২৫ হাজাৰ হেক্টৰ কৃষি ভূমিত বাজৰা উৎপাদন কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বাজৰা শৰীৰৰ বাবে পুষ্টিকৰ আৰু লাভজনক । সেয়ে কৃষকসকলে বাজৰা বা মিলেট খেতিত অধিক গুৰুত্ব দিব লাগে বুলি কৃষকলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।