অসম

assam

ETV Bharat / state

Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ - উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ

নৱেম্বৰ মাহত প্রায় ১৬ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে(Assam govt to borrow Rs 800 crore again) । ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ১৩ ডিচেম্বৰত উক্ত অংকৰ ঋণ ল’ব দিছপুৰে । দিছপুৰৰ ধাৰৰ বোজাই অতিক্ৰম কৰিছে প্রায় ১ লাখ ৩৫ হাজাৰ কোটি টকা ।

Assam govt to borrow Rs 800 crore again
Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ

By

Published : Dec 11, 2022, 10:15 PM IST

গুৱাহাটী ,১১ ডিচেম্বৰ: ঋণৰ বোজাত পোত গৈ থাকিলেও কিন্তু অসম চৰকাৰে গাদী সুৰক্ষাৰ স্বাৰ্থত হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ অলপো কৃপনালি কৰা নাই(Assam govt total debt)। ঋণৰ ওপৰত ঋণ লৈ যেন ইতিহাস ৰচিব বিচাৰিছে অসম চৰকাৰে । একমাত্র ভোটৰ স্বাৰ্থত হিতাধিকাৰীক সন্তুষ্ট কৰি ৰাখিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণৰ পাছত ঋণ লৈ জোৰা-টাপলি মাৰি চলিবলগীয়া হৈছে (Assam CM Himanta Biswa Sarma)।

বিগত নৱেম্বৰ মাহত প্রায় ১৬ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে(Assam govt to borrow Rs 800 crore again)। ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ১৩ ডিচেম্বৰত উক্ত অংকৰ ঋণ ল’ব দিছপুৰে(Financial crisis of Assam govt)। ইতিমধ্যে ষ্টক নিলামৰ নিবিদাও প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ।

Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ

ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰে ঋণ ল’বলৈ বাধ্য হ’লেও ৰাজ্য চৰকাৰৰ ধাৰৰ বোজাই প্রায় ১ লাখ ৩৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জি এছ টি ক্ষতিপূৰণ বন্ধ কৰি দিয়াৰ ফলত অসম চৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । ৰাজকোষ দেউলীয়া হ’লেও ২০২৪ চনৰ লোকসভা নির্বাচনক কেন্দ্ৰ কৰি ভোটাৰ ৰাইজৰ মোহ ভংগ হোৱাৰ আশংকাত বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে নতুন নতুন হিতাধিকাৰী সৃষ্টিৰ আঁচনি গ্ৰহণ কৰিছে ।

সেয়েহে পুনৰ অতিৰিক্ত ১৭ লাখ অৰুণোদয় হিতাধিকাৰী সৃষ্টি কৰি ৰাজকোষৰ পৰা মাহে মাহে আর্থিক সকাহ দিয়াৰ পৰিকল্পনাৰ কথা ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ৰাজহুৱা কৰিছে । পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অসম চৰকাৰৰ দেনাৰ পৰিমাণ প্রায় ৯০ হাজাৰ কোটি টকা আছিল যদিও হিমন্ত বিশ্ব শৰ্মাই এবছৰীয়া কার্যকালতে প্রায় ৪০ হাজাৰ কোটি টকা ঋণ লৈছে (Assam govt borrows debt 18000 in one year )।

যাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণ ১.৩৫ লাখ কোটি টকালৈ বৃদ্ধি পালে । অৱশ্যে প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ক্ষমতা এৰাৰ সময়ত অসম চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল ৩৫ হাজাৰ কোটি টকা । অর্থাৎ প্রয়াত মুখ্যমন্ত্রী গগৈয়ে ১৫ বছৰীয়া কাৰ্যকালত ৩৫,৬৯০ কোটি টকা ধাৰ এৰি থৈ গৈছিল যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এবছৰৰ কার্যকালতে কেইবাগুণ অধিক টকাৰ ঋণ লৈছে । ৰাজ্য চৰকাৰৰ কৰৰ বোজা বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে জনতাৰ ওপৰতো অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাধমাৰ পৰা দেখিবলৈ পোৱা গৈছে ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে, বছৰি এই ঋণৰ বিপৰীতে প্রায় ৮ হাজাৰ কোটি টকা ৰাজ্য চৰকাৰে সুদ পৰিশোধ কৰিবলগীয়া হৈছে যদিও কেৱল ভোট লাভৰ স্বাৰ্থতে ব্যয় সংকোচনৰ কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক:Pravin Togadia in karimganj : আগন্তুক দুবছৰত আৰম্ভ হ’ব ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ

ABOUT THE AUTHOR

...view details