অসম

assam

By

Published : Nov 29, 2022, 1:33 PM IST

ETV Bharat / state

Paddy Procurement: এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

অন্ত পৰা বছৰটোত ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থিত দাম ১৯৪০ টকাত ৫,৬৫,২৭৮ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । টাৰ্গেট আছিল ১০,০৩,২০০ মেট্ৰিক টন । ছটা এজেঞ্চিয়ে লক্ষ্যৰ ৫৬.৩৫ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । এইবাৰ ২০৪০ টকা দৰত ভাৰতীয় খাদ্য নিগম আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগমক ৪ লাখ মেট্ৰিক টনকৈ ধান কৃষকৰ পৰা ন্যূনতম সমৰ্থিত দামত ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে । অসম কৃষি সামগ্ৰী বিপণন পৰিষদক ৪ হাজাৰ মেট্টিক টন, 'নাকফ'ক ৫২ হাজাৰ মেট্ৰিক টন, 'নাফেড'ক ১.২২ লাখ মেট্ৰিক টন আৰু এন চি চি এফক ২২ হাজাৰ মেট্ৰিক টকৈ মুঠ ১০ লাখ মেট্ৰিক টন ধান কৃষকৰ পৰা ক্ৰয় কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

Assam govt target to purchase 10 lakh metric tonnes of paddy
এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

গুৱাহাটী, ২৯ নৱেম্বৰ: বিগত বৰ্ষটোত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰে এইবাৰো দহ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই বছৰো ৰাজ্য চৰকাৰৰ অধীনস্থ দুটা আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চাৰিটা প্ৰতিষ্ঠানক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছে । কৃষকে যাতে উপযুক্ত দাম লাভ কৰে তাৰ বাবে এই বছৰ প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থিত দাম ১৯৪০ টকাৰ পৰা ২০৪০ টকালৈ অর্থাৎ এশ টকাকৈ বৃদ্ধি কৰা হৈছে (Govt of Assam will procure paddy)।

ধান ক্ৰয়ৰ বাবে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হোৱা নাই যদিও ভাৰতীয় খাদ্য নিগম আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগমক ৪ লাখ মেট্ৰিক টনকৈ ধান কৃষকৰ পৰা ন্যূনতম সমৰ্থিত দামত ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে । তেনেদৰে অসম কৃষি সামগ্ৰী বিপণন পৰিষদক ৪ হাজাৰ মেট্ৰিক টন, 'নাকফ'ক ৫২ হাজাৰ মেট্ৰিক টন, 'নাফেড'ক ১.২২ লাখ মেট্ৰিক টন আৰু এন চি চি এফক ২২ হাজাৰ মেট্ৰিক টনকৈ মুঠ ১০ লাখ মেট্ৰিক টন ধান কৃষকৰ পৰা ক্ৰয় কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

প্ৰতিষ্ঠানসমূহে যদি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পাৰে তেন্তে কেইখনমান জিলাৰ কৃষক সৰ্বাধিক উপকৃত হ’ব । কাৰণ হোজাই জিলাৰ পৰা ন্যূনতম সমৰ্থিত দামত কৃষকৰ পৰা প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰণ কৰা অনুসৰি ১.৪৫ লাখ মেট্ৰিক টন, নগাঁৱৰ পৰা ১,৪২,৩০০ মেট্ৰিক টন, মৰিগাঁৱৰ পৰা ৭৬,৬০০ মেট্ৰিক টন, কাৰ্বি আংলঙৰ পৰা ৭৩ হাজাৰ মেট্ৰিক টন আৰু দৰঙৰ পৰা ৬৩ হাজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰিব লাগিব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈয়ে অসমৰ কৃষকসকলে যাতে প্ৰাপ্য দাম লাভ কৰে তাৰ বাবে চৰকাৰৰ অনুমোদিত ধান ক্ৰয় কৰা কেন্দ্ৰসমূহত কৃষকক ধান বিক্ৰী কৰিবলৈ উৎসাহিত কৰাৰ বাবে মন্ত্ৰী সভাৰ সকলো সদস্য, বিধায়ক, পঞ্চায়ত প্ৰতিনিধিসকলক জড়িত কৰিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী, বিধায়ক, পঞ্চায়ত প্ৰতিনিধিসকলে গাঁও পঞ্চায়তসমূহলৈ গৈ সজাগতা অভিযানো চলাইছিল (Paddy Procurement)।

এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

ব্যাপক সজাগতাৰ পাছতো ধান ক্ৰয় কৰা প্ৰতিষ্ঠানমূহে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ পৰিবৰ্তে বিগত বৰ্ষত মাত্ৰ ৫৬ শতাংশ ধানহে ক্ৰয় কৰিলে । এইবাৰো একেকেইটা প্ৰতিষ্ঠানকে ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি কৰিছে ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে । এইবাৰ কৃষকে প্ৰাপ্য দামত ধান বিক্ৰী কৰি উপকৃত হ’ব পাৰিব নে নাই সেই কথা কৃষি বৰ্ষৰ অন্তত জানিব পৰা যাব ।

উল্লেখ যে ২০২১-২২ বৰ্ষত ধান ক্ৰয় কৰাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’ল যদিও পুনৰ ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা শালিধান ক্ৰয়ৰ বাবে চৰকাৰে প্ৰতিষ্ঠানসমূহক লক্ষ্য নিৰ্ধাৰণ কৰি দিছে । বিগত কৃষি বৰ্ষটোত কুইণ্টলে প্ৰতি ন্যূনতম সমৰ্থিত দাম ১৯৪০ টকাত অসমৰ কৃষকৰ পৰা শালি আৰু বৰোধান মুঠ ১০ লাখ মেট্ৰিক টন ক্ৰয় কৰাৰ নিৰ্দেশ দিছিল ।

এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

কিন্তু প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰিত লক্ষ্যৰ পৰা মাত্ৰ ৫৬ শতাংশ ধানহে কৃষকৰ পৰা ক্ৰয় কৰিবলৈ সক্ষম হৈছিল । চৰকাৰৰ অনুমোদিত প্ৰতিষ্ঠানসমূহে বৰোধান কিমান কিনিব সেই কথা ঠাৱৰ কৰা নাই যদিও ১০ লাখ মেট্ৰিক টন শালিধান কুইণ্টলে প্ৰতি ২০৪০ টকাকৈ ক্ৰয় কৰিবলৈ ৰাজ্য চৰকাৰে মুঠ ছটা প্ৰতিষ্ঠানক দায়িত্ব দিছে । চলিত বৰ্ষৰ ধান ক্ৰয়ৰ সময়সীমা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ লগে লগে পুনৰ আৰম্ভ হৈছে পুনৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া । ২০২৩ বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ এই প্ৰক্ৰিয়া চলিব ।

অন্ত পৰা বছৰটোত ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থিত দাম ১৯৪০ টকাত ৫,৬৫,২৭৮ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । টাৰ্গেট আছিল ১০,০৩,২০০ মেট্ৰিক টন । ছটা এজেঞ্চিয়ে লক্ষ্যৰ ৫৬.৩৫ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হ’ল । ইয়াৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত গৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ( এ এফ চি এছ চি এল) ১০০.৩৭ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ।

এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

ইয়াৰ বিপৰীতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) ৯১.৬০ শত‍ংশ, এফ চি আয়ে ৪৩.৪৫ শতাংশ, নাকফে ৪৭.৫০ শতাংশ, ন‍াফেডে ৩৬.৫৭ শতাংশ আৰু এন চি চি এফে ৪০.৬৫ শতাংশ ধান ক্ৰয় কৰে । ৰাজ্য চৰকাৰৰ অধীনৰ দুটা প্ৰতিষ্ঠানে লক্ষ্যত উপনীত হোৱাৰ বিপৰীতে বাকী প্ৰতিষ্ঠান কেইটাই লক্ষ্যৰ আধা ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ’ল । ইফালে অসম চৰকাৰে মিল আৰু গুদামৰ বাবে ৰাজসাহায্য দিয়াৰ বাবে ১৬১ কোটি টকা মোকলাই দিছে । গুদাম আৰু মিলৰ বাবে ৪০ লাখ টকা ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে (Assam govt paddy procurement target) ।

এইবাৰো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ছটা প্ৰতিষ্ঠানক দায়িত্ব

উল্লেখ যে অসম চৰকাৰে দায়িত্ব দিয়া ছটা প্ৰতিষ্ঠানৰ মুঠ ধান ক্ৰয়ৰ কেন্দ্ৰ হৈছে ১৭৬ টা 0। ইয়াৰ ভিতৰত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ ৫৯ টা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ (এ এছ এ এম বি) ১৩ টা, এফ চি আইৰ ৬০ টা, নাকফৰ ১৩ টা, ন‍াফেডৰ ২৪ আৰু এন চি চি এফৰ ৭ টা কেন্দ্ৰ আছে । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে ২০২৬ চনত ২৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু চৰকাৰে সেই লক্ষ্যত উপনীত হ’ব পাৰিব নে নাই সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক:PM Kisan scheme in Assam: পি এম কিষাণ আঁচনি ৰূপায়ণত ব্য়াপক অনিয়ম ফাদিল ন্যায়ালয়ত

ABOUT THE AUTHOR

...view details