অসম

assam

By

Published : Aug 24, 2021, 9:27 PM IST

ETV Bharat / state

Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

৩৮ টা মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ চৰকাৰৰ ৷ নিম্ন মধ্যবিত্তৰ ঋণ মাফ কৰা হ'ব যদিও মাফ কৰা নহয় উচ্চ মধ্যবিত্তৰ ঋণ ৷ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা মহিলাসকলক উৎসাহিত কৰাৰ বাবে ২৫ হাজাৰ টকালৈকে পুৰস্কাৰ হিচাপে ঋণ ৰেহাই দিয়া হ'ব ।

Microfinance Loan
ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

গুৱাহাটী, 24 আগষ্ট : ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ মহিলাৰ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে চৰকাৰে । মঙলবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৩৮ টা মাইক্ৰ' ফাইনেঞ্চ প্ৰতিষ্ঠান আৰু বেংকৰে চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । ৰাজ্য চৰকাৰৰ হৈ বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰলেকাৰে স্বাক্ষৰ কৰে এই চুক্তিত ।

নিম্ন মধ্যবিত্তৰ ঋণ মাফ কৰা হ'ব যদিও মাফ কৰা নহয় উচ্চ মধ্যবিত্তৰ ঋণ ৷ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা মহিলাসকলক উৎসাহিত কৰাৰ বাবে ২৫ হাজাৰ টকালৈকে পুৰস্কাৰ হিচাপে ঋণ ৰেহাই দিয়া হ'ব । ঋণ ৰেহাইৰ সমগ্ৰ প্ৰক্ৰিয়াটোত ১২ হ‍জাৰ কোটি টকাৰ হিচাপ পোৱা গৈছে আৰু ইয়াৰে ৭২০০ কোটি টকা চৰকাৰৰ ব্যয় হ'ব । বাকীখিনি মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান আৰু বেংকসমূহে বহন কৰিব ।

ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

লগতে পঢ়ক :আৰক্ষীৰ দুৱাৰে দুৱাৰে 'ব্ৰইলাৰ’ ; কিন্তু কিয় ?

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘‘অসম চৰকাৰে প্ৰথমখন কেবিনেটতে ঋণ ৰেহাইৰ বাবে কমিটি গঠন কৰি দিছিল । নিৰ্বাচনৰ সময়তো দৰিদ্ৰ মহিলাই লোৱা ঋণ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ সেই প্ৰতিশ্ৰুতি পূৰণৰ দিশে আমি আগবাঢ়িছো । ইয়াৰ বাবে আইন প্ৰনয়ন কৰা হৈছিল আৰু তাৰ আধাৰত আজি বুজাবুজি চুক্তি সম্পাদন কৰা হৈছে । আমি সকলোৰে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰিম । নিম্ন মধ্যবিত্তৰ ঋণ মাফ কৰা হ'ব যদিও উচ্চ মধ্যবিত্তৰ ঋণ মাফ কৰা নহয় । আনহাতে যিসকল মহিলাই মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লৈ সময়মতে উভতাই দিছে আৰু চৰকাৰৰ পৰা একো বিচৰা নাই তেওঁলোককো উৎসাহিত কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছো’’ ।

লগতে পঢ়ক :পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে তিনি ধৰণৰ ব্যৱস্থা গ্ৰহণৰে বেংক সমূহৰে চুক্তি কৰা হৈছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা মহিলাসকলক উৎসাহিত কৰাৰ বাবে ২৫ হাজাৰ টকালৈকে পুৰস্কাৰ হিচাপে ঋণ ৰেহাই দিয়া হ'ব । ইয়াৰ বাবে চৰকাৰৰ তিনি হাজাৰ কোটি টকা খৰচ হ'ব আৰু ১১ লাখ মহিলা উপকৃত হ'ব । আনহাতে যিসকল মহিলাই ঋণ লৈ বিভিন্ন কাৰণত ঘূৰাই দিব পৰা নাই তেওঁলোকৰ সম্পূৰ্ণ ঋণ ৰেহাই দিয়া হ'ব । ইয়াৰ বাবে তেওঁলোকে প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব । দৰিদ্ৰ সীমা ৰেখাৰ তলৰ তথা নিম্ন মধ্যবিত্ত সকলোৰে ঋণ ৰেহাই দিয়া হ'ব’’ ৷

লগতে পঢ়ক :নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয় যে, ‘‘ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম ভংগ কৰি ১.২৫ লাখ টকাৰ ওপৰত তিনিবাৰৰ বেছি ঋণ দিয়া মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান আৰু বেংকসমূহে সেই ঋণ নিজে ৰেহাই দিব লাগিব । তেনে মহিলাসকলৰ ঋণ সংশ্লিষ্ট বেংক তথা প্ৰতিষ্ঠানে সম্পূৰ্ণ ৰূপে ৰেহাই দিব লাগিব’’ ।

ঋণ ৰেহাইৰ সমগ্ৰ প্ৰক্ৰিয়াটোত ১২ হ‍জাৰ কোটি টকাৰ হিচাপ পোৱা গৈছে আৰু ইয়াৰে ৭২০০ কোটি টকা চৰকাৰৰ ব্যয় হ'ব । বাকীখিনি মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান আৰু বেংকসমূহে বহন কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ঋণ গ্ৰহণ সন্দৰ্ভত তেওঁ কয় যে, ‘‘প্ৰয়োজনত ঋণ লোৱাটো দৰকাৰ । অসমীয়াই কাবুলীৱালাৰ পৰা মাহে ১০ শতাংশ সুদত ঋণ লোৱাটো আমি নিবিচাৰো । আনহাতে বেংক সমূহে মানৱীয় দৃষ্টিভংগী ৰাখিব লাগে ৷ অসমীয়া মানুহে নঠগে ৷ গতিকে বানত ক্ষতিগ্ৰস্ত বা আন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা ঋণী সকলক মানৱীয় দৃষ্টিৰে চোৱা উচিত’’ ।

লগতে পঢ়ক :নৰবলি নে আন কিবা: ডিঙি কটা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থতে ১ ছেপ্তেম্বৰৰ পৰা বাছৰ চলাচল আৰম্ভ কৰাৰ কথা চিন্তা হৈছে । তদুপৰি সান্ধ্য আইন আৰু এঘণ্টা কমোৱাৰ কথা চিন্তা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । সেইদৰে পদপথৰ ব্যৱসায়ীসকলৰ বাবেও দুই-এদিনতে পেকেজ ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । প্ৰতি সমষ্টিত অৰুণোদয়ৰ হিতাধিকাৰী অতিৰিক্তভাৱে পাঁচ হাজাৰকৈ বৃদ্ধি কথা হ'ব বুলিও জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

মঙলবাৰৰ এই অনুষ্ঠানত 'আৰোহণ'ৰ মুখ্য কাৰ্যাবাহী বিষয়া মনোজ কুমাৰ নাম্বিয়াৰ, বন্ধন বেংকৰ সভাপতি কুমাৰ আশীষ আৰু এম আই এফ এনৰ সঞ্চালক আলোক মিশ্ৰই বক্তব্য আগবঢ়ায় । অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অশোক সিংঘাল, অতুল বৰা আৰু ইউ জি ব্ৰহ্মৰ উপৰিও মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে ভালে সংখ্যক চৰকাৰী বিষয়া আৰু বেংকৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :একাংশ সুবিধাবাদী কংগ্ৰেছী নেতাই যোগদান কৰিছে বিজেপিত: আব্দুল খালেক

ABOUT THE AUTHOR

...view details