অসম

assam

ETV Bharat / state

2020 বৰ্ষৰ শিল্পী বঁটা গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱাক প্ৰদান - shilpi award 2020

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবনত পালন 'শিল্পী দিৱস' ৷ এই শিল্পী দিৱস পালন অনুষ্ঠানতে,কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ,সুৰকাৰ,কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ শিল্পী বঁটা।

shilpi award
2020 বৰ্ষৰ শিল্পী বঁটা

By

Published : Jan 17, 2020, 7:50 PM IST

গুৱাহাটী,17 জানুৱাৰীঃঅসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবনত শিল্পী দিৱস পালন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ কুইন ওজা। এই অনুষ্ঠানতে কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ শিল্পী বঁটা ।

2020 বৰ্ষৰ শিল্পী বঁটা
অনুষ্ঠানৰ লগত সংগতি ৰাখি আগবঢ়োৱা হয় 2020 বৰ্ষৰ শিল্পী বঁটা ৷ কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ,সুৰকাৰ,কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক 2020বৰ্ষৰ বাবে প্ৰদান কৰা হয় এই শিল্পী বঁটা ৷ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এই 2020 বৰ্ষৰ শিল্পী বঁটাত আছে নগদ ২ লাখ টকা, এখন প্ৰশস্তিপত্ৰ,অংগবস্ত্ৰ আৰু শৰাই‌ । এই বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে,অসমৰ কলা সংস্কৃতিৰ বাবে কাম কৰা এই বৰেণ্য ব্যক্তিসকলৰ অৱদান উল্লেখযোগ্য। গতিকে শিল্পী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰাৰ বাবে তেওঁ যথেষ্ট আনন্দিত । জীৱন জোৰা সাধনা কৰাৰ পিছত এনেদৰে স্বীকৃতি প্ৰাপ্ত বঁটা সমূহে উৎসাহিত কৰে শিল্পীসকলক। গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ, সুৰকাৰ,কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক এনেদৰে বঁটা প্ৰদান কৰাৰ বাবে সুখী শিল্পী সকলৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজ ।

ABOUT THE AUTHOR

...view details