গুৱাহাটী, ১৪ ছেপ্টেম্বৰ :বহুবিবাহ, বাল্যবিবাহ নিষিদ্ধকৰণ আৰু ভুৱা পৰিচয়েৰে বিবাহ প্ৰতিৰোধৰ দিশত আইন প্ৰৱৰ্তনৰ বাবে আৰু এখোজ আগবাঢ়িছে অসম চৰকাৰ ৷ বহুবিবাহ, বাল্যবিবাহ আৰু ভুৱা পৰিচয়েৰে আন্তঃধৰ্মীয় বিবাহৰ প্ৰতিৰোধ কৰা, বাল্য বিবাহৰ বিষয়ত কাজীৰ ভূমিকা আদি বিষয়ত এখন উপযুক্ত আইন প্ৰণয়নৰ বাবে অসম চৰকাৰে এজন ৫ জনীয়া কমিটী গঠন কৰিছে ।
ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত কমিতিখন গঠন কৰা হৈছে ৷ ৰাজ্যৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰীয়াৰ নিৰ্দেশনা মৰ্মে ৰাজ্য চৰকাৰে গঠন কৰিছে এই কমিটীখন ৷ বুধবাৰে জাননী জাৰি কৰি গঠন কৰা কমিতিৰ আন সদস্য ৪ গৰাকী হ’ল, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা নলীন কোহলী, আইনী স্মৃতিচাৰক আৰু ন্যায়িক বিভাগৰ সচিব ৰমেন বৰুৱাৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগু ।
গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিশ্বজিৎ পেগুক কমিতিখনৰ সদস্য সম্পাদক হিচাবে দায়িত্ব ভাৰ দিয়া হৈছে । অসম চৰকাৰৰ ৰাজনৈতিক (ক) বিভাগে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই গুৰুত্বপূৰ্ণ সমিতিখন গঠন কৰে । অধিসূচনা জাৰি কৰাৰ দিনটোৰ পৰা ৪৫ দিনৰ ভিতৰত কমিটীখনে নিজৰ আইনৰ খচৰা চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব ।