অসম

assam

ETV Bharat / state

Constituency Delimitation: কেইবাটাও সমষ্টিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ; দৰং হ’ব ভৈৰৱকুণ্ড, গুৱাহাটী হ’ব প্ৰাগজ্যোতিষপুৰ - হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

20 জুলাইত অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি ল’বলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল ৷ অসমৰ 2 টা লোকসভা সমষ্টি আৰু 10 টা বিধানসভা সমষ্টিৰ নাম সালসলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷

Public hearings on constituency Delimitation 2023
20 জুলাইত অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল

By

Published : Jul 11, 2023, 10:14 AM IST

Updated : Jul 11, 2023, 1:00 PM IST

কোন কোন সমষ্টিৰ নাম সলনি কৰাৰ বাবে প্ৰস্তাৱ দিছে চৰকাৰে ?

গুৱাহাটী, 11 জুলাই : অহা 20 জুলাইত অসমলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি ল’বলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল ৷ ইফালে এতিয়াও অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ নিৰ্বাচন আয়োগে ব্যাপক সাল-সলনি ঘটাইছে বহু সমষ্টিৰ । নোহোৱা হৈছে পুৰণা সমষ্টি ৷ সৃষ্টি হৈছে নতুন সমষ্টিৰ ৷ তাৰ মাজতে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আগবঢ়াইছে সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ ।

প্ৰস্তাৱ আগবঢ়াইছে অসমৰ 2 টা লোকসভা সমষ্টি আৰু 10 টা বিধানসভা সমষ্টিৰ নাম সালসলনিৰ ৷ প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ গুৱাহাটী আৰু দৰং লোকসভা সমষ্টিৰ নামৰ পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে । সেই অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ নাম প্ৰাগজ্যোতিষপুৰ আৰু দৰং লোকসভা সমষ্টিৰ নাম ভৈৰৱকুণ্ড ৰখাৰ বাবে দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ আগবঢ়াইছে ৷ কেৱল লোকসভা সমষ্টিয়েই নহয় ৷ খচৰাত উল্লেখ থকা 10 টাকৈ বিধানসভা সমষ্টিৰো নাম সলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷ ইতিমধ্যে এই প্ৰস্তাৱ ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে ৷

ৰাজ্য চৰকাৰৰ যোৱা কেবিনেটৰ বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এই বিশেষ 10 টা সমষ্টিৰ অন্তৰ্গত হ’বলগীয়া অঞ্চলৰ ঐতিহ্য আৰু আৱেগ-অনুভূতিৰ প্ৰতিয়েই সন্মান জনাই অসম চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাইয়ো এই কথাৰ যোৰহাটত ইংগিত দিছে সোমবাৰে ৷ 10 টা বিধানসভা সমষ্টিৰ ভিতৰত মৰাণ সমষ্টিৰ নাম খোৱাং, বট্টদ্ৰৱা সমষ্টিৰ নাম ধিং আৰু বট্টদ্ৰৱা সমষ্টিক নগাওঁ সদৰ সমষ্টিৰ অন্তৰ্গত কৰাৰ প্ৰস্তাৱ লৈছে ৰাজ্য চৰকাৰে ৷

ভৱানীপুৰ বিধানসভা সমষ্টিটোৰ নাম বৰনগৰ কৰাৰো প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে । গোৱৰ্ধনা সমষ্টিৰ নাম মানাহ কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷ ডিমা হাচাও সমষ্টিৰ নাম পূৰ্বৰ দৰেই হাফলং ৰখাৰ বাবে ৰাজ্যিক কেবিনেটে নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ আগবঢ়াইছে ৷

একেদৰে হাজো সমষ্টিৰ নাম হাজো-শুৱালকুছি ৰখাৰ বাবে প্ৰস্তাৱ লৈছে ৷ আনহাতে, বৰাক উপত্যকাতো বাৰুকৈয়ে জ্বলিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ক্ষোভৰ জুই ৷ তাৰ মাজতে বৰাকৰ বিধানসভা সমষ্টিক লৈয়ো ৰাজ্য চৰকাৰৰ নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ ৷ উপত্যকাটোৰ অন্যতম চৰ্চিত সমষ্টি বদৰপুৰ সমষ্টিৰ নাম ৰামকৃষ্ণ নগৰ ৰখাৰ পোষকতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ।

মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই প্ৰতিনিধিত্ব কৰা ধলাই সমষ্টিৰ নাম সমষ্টি পুনৰ নিৰ্ধাৰণত পৰিৱৰ্তন নকৰি একেই ৰাখিবলৈ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷

লগতে পঢ়ক :Pottery industry in Assam: সমস্যাত মাজুলীৰ মৃৎ শিল্পী; চৰকাৰক ব্যৱস্থা গ্ৰহণৰ কৰাৰ আহ্বান

Last Updated : Jul 11, 2023, 1:00 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details