গুৱাহাটী, 21 আগষ্ট : ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰিবৰ বাবে সন্তপৰ্ণে আগবাঢ়িছে ৰাজ্য চৰকাৰে ৷ সমালোচনা বা বিতৰ্কৰ বাবে কোনো সুৰুঙা ৰাখিব বিচৰা নাই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে ৷ সেয়ে ৰাজ্যত বহু বিবাহ নিষিদ্ধকৰণ প্ৰস্তাৱিত আইনখনৰ প্ৰসংগত বিচৰা হৈছে জনসাধাৰণৰ মতামত ৷ এই প্ৰসংগত জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো অসমবাসীলৈ জনাইছে আহ্বান ৷
টুইটাৰত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিশেষ ৰাজহুৱা জাননী সংলগ্ন কৰি এই আহ্বান জনোৱা হৈছে ৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে বিশেষ এখন ৰাজহুৱা জাননী জাৰি কৰিছে ৷ এই জাননীখনত উল্লেখ কৰা হৈছে যে ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰা আইন প্ৰণয়ন কৰিবলৈ বিধানসভাৰ গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে অসম চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল ৷ বহুবিবাহ নিষিদ্ধকৰণৰ আইন প্ৰণয়ন কৰিবলৈ ৰাজ্যিক বিধানসভা গ্ৰহণযোগ্য বুলি পৰামৰ্শ দি বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ৷
অসম চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ কাৰ্যকৰী সাৰাংশ এনেধৰণৰ- "ভাৰতীয় সংবিধানে ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহক কিছুমান বিষয়ত আইন প্ৰণয়নৰ কৰ্তৃত্ব প্ৰদান কৰে ৷ ’বিবাহ’ সমান্তৰাল তালিকাৰ অন্তৰ্গত, যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য দুয়োখনেই আইন প্ৰণয়ন কৰিবলৈ সক্ষম হয় ৷" ৰাজ্যৰ আইনখনে যদি কেন্দ্ৰীয় আইনখনৰ বিৰোধিতা কৰে, তেন্তে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পূৰ্ব সন্মতি লাভ নকৰালৈকে ৰাজ্যৰ আইনখনক উলংঘা কৰা হ’ব ৷ সংবিধানৰ 25 আৰু 26 নং অনুচ্ছেদত বিবেকৰ স্বাধীনতা আৰু ধৰ্ম পালনৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ কিন্তু এই অধিকাৰসমূহ পৰম নহয় আৰু ৰাজহুৱা ব্যৱস্থা, নৈতিকতা, স্বাস্থ্য, আৰু সমাজ কল্যাণ আৰু সংস্কাৰৰ বাবে আইনগত বিধানৰ অধীনত থাকে ৷