নিউজ ডেস্ক, 23 নৱেম্বৰ:অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী মুক্ৰ’ত মঙলবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দিল্লীত অনুষ্ঠিত কৰে এখন জৰুৰী কেবিনেট বৈঠক (Assam Govt cabinet meeting) ৷ পোন প্ৰথমবাৰ বাবে দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মূলতঃ সংঘাতৰ সমস্যাটোক প্ৰাধান্য় দি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেটে ৷ বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে কেবিনেটৰ সিদ্ধান্তসমূহ ৷
আজিৰ কেবিনেটে মঙলবাৰে মুক্ৰ’ত সংঘটিত হিংসাত্মক ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ এই ঘটনাৰ ন্যায়িক তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনক দায়িত্ব অৰ্পন কৰে (Judicial Investigation of Mukro firing incident) ৷ 60 দিনৰ ভিতৰত তেওঁ ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ লগতে ঘটনাটোৰ আৰক্ষীৰ তদন্ত CBI ক অৰ্পন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে সীমান্ত অঞ্চলত মাৰণাস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত এখন এছ অ’ পি প্ৰস্তুত কৰিবলৈ অসম আৰক্ষী আৰু বন বিভাগক নিৰ্দেশ প্ৰদান কৰে (SOP for use of lethal weapons) ৷
কেবিনেটৰ সিদ্ধান্ত অনুসৰি 2023 বৰ্ষৰ বাবে অসমৰ চৰকাৰী বন্ধৰ তালিকা আজি অনুমোদন জনোৱা হয় ৷ ইয়াৰ ভিতৰত গেজেটেড বন্ধ মুঠ 38 দিন ৷ তাৰে 7 দিন দেওবাৰ আৰু এদিন চতুৰ্থটো শনিবাৰ হোৱাৰ বাবে 30 দিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ৷ ইয়াৰ লগতে সীমিত বন্ধৰ সংখ্যা হৈছে 30 দিন ৷ তাৰোপৰি অৰ্ধ ছুটীৰ দিন থাকিব দুদিন ৷