গুৱাহাটী, ২৭ মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো সময়তে সক্ৰিয় হৈ থকাকৈ মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ ৷ মুকলি কৰা নম্বৰকেইটা হ’ল- ৬৯১৩৩৪৭৭৭০, ৬৯১৩৩৪৭৭৭১, ৬৯১৩৩৪৭৭৭২, ৬৯১৩৩৪৭৭৭৩ আৰু ১০৪ ৷
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত ২৫১ টা তেজৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু আটাইকেইটাই নিগেটিভ পোৱা গৈছে । বৰ্তমানলৈকে উক্ত হেল্পলাইন নম্বৰসমূহলৈ ৪২৫৬ টা কল আহিছে ৷ ইয়াৰ উপৰিও ৮০,৮৯৯ গৰাকী লোকক অসমৰ বিভিন্ন বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনত স্বাস্থ্য পৰীক্ষা কৰা হৈছে ।