গুৱাহাটী, 26 মাৰ্চ :দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ হাৰ বৃদ্ধি পাবলৈ ধৰাত ৰাজ্য চৰকাৰ ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ । অসমত বৰ্তমানলৈকে কৰ'ণাৰ উপস্থিতি ধৰা পৰা নাই যদিও ৰাজ্য চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত যুদ্ধৰ বাবে ৷ চৰকাৰে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই কৰ'ণা ভাইৰাছক লৈ । বৃহস্পতিবাৰৰ পৰা মহানগৰীৰ সৰুসজাইস্থিত ষ্টেডিয়ামত আৰম্ভ কৰিছে বিশাল আছুতীয়া কক্ষ (quarentin cabin) নির্মাণ কাৰ্য । মুঠ 700 লোক থাকিব পৰাকৈ নিৰ্মাণ কৰা এই কক্ষত ৰাজ্যৰ বাহিৰত থকা ব্যক্তি সকলক অসমলৈ আনি ৰখা হ'ব । স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত নির্মীয়মান আছুতীয়া কক্ষ পৰিদর্শন কৰি জানিবলৈ দিয়ে যে চৰকাৰে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই । শ্ৰীৰামপুৰত আবদ্ধ হৈ থকা ৰাজ্যৰ লোক সকলক বিশেষ বাছ যোগে গুৱাহাটীলৈ আনি এই আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হ'ব । ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক নাই যদিও চৰকাৰ এল এন টিৰ লগত নতুন চিকিৎসালয় নিৰ্মাণৰ বাবে যোগাযোগ কৰিছে। চিকিৎসালয় নিৰ্মাণৰ বাবে ৰাজ্যৰ শাসকীয় আৰু বিৰোধী দলৰ সংসদ সকলে আৰ্থিক সাহায্য প্ৰদানৰ বাবে মন্ত্ৰী গৰাকীৰ লগত যোগাযোগ কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । ৰাজ্যত যাতে ডাক্তৰ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱ নহয় ইয়াৰ বাবে চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বর্ষৰ শিক্ষাৰ্থী সকলক চৰকাৰে প্ৰয়োজন হ'লে চিকিৎসা প্ৰদানত নিয়োজিত কৰিব ৷
সৰুসজাইত আছুতীয়া কক্ষ নিৰ্মাণ চৰকাৰৰ ! - সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ
ৰাজ্য চৰকাৰে সৰুসজাই ষ্টেডিয়ামত আৰম্ভ কৰিলে আচুতীয়া কক্ষৰ নির্মাণ কাৰ্য । প্ৰথমাৱস্থাত 700 লোকক ৰখাৰ ব্যৱস্থা থাকিব নির্মীয়মান কক্ষত । ৰাজ্যৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে নতুন চিকিৎসালয় নিৰ্মাণৰ চিন্তা চৰ্চাও চলাইছে চৰকাৰে ।
assam govt prepare quarantine center in sarusajai
আনহাতে মন্ত্ৰীগৰাকীয়ে সকলোকে নিজৰ নিজৰ ঘৰত থাকিবলৈ আহ্বান জনায় । জৰুৰী কাৰণ নোহোৱাকৈ পথলৈ ওলাই অহা ব্যক্তিৰ প্ৰতি চৰকাৰ আৰু প্ৰশাসন অধিক কঠোৰ হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । বিভিন্ন সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধেও চৰকাৰ কঠোৰ হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক : কিয় বাৰে বাৰে বিয়পে অন্ধবিশ্বাস !
Last Updated : Mar 26, 2020, 12:22 PM IST