গুৱাহাটী, ৮ নৱেম্বৰ : এফালে নিযুক্তি প্ৰক্ৰিয়া আৰু আনফালে পদৰ বিলুপ্তিকৰণ । সমতা স্থাপনৰ বাবে যেন কৌশল ৰচনা কৰিছে চৰকাৰে । ৰাজ্যৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এফালে নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সমান্তৰালকৈ পদ বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ।
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এখন পত্ৰই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিয়নো শিক্ষা বিভাগে লাখ লাখ নিবনুৱাৰ মূৰত মাধমাৰ শোধাই প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তি কৰিছে (Assam Govt to Abolish 8000 Regular Posts of School Teachers)। শিক্ষা বিভাগৰ সচিব ড৹ বিজয়া চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ মহাগাণনিকলৈ এখন পত্ৰ প্ৰেৰণ কৰি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৮ হাজাৰ স্থায়ী শিক্ষক পদ বিলুপ্তি কৰিবলৈ নিৰ্দেশ দিছে ।
বিলুপ্তি কৰা পদসমূহৰ ভিতৰত আছে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা শিক্ষক পদ আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষক পদ । পত্ৰখনত উল্লেখ কৰা মতে উক্ত ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ ষ্টেট পুলৰ অধীনৰ ঠিকা ভিত্তিক শিক্ষক সকলৰ দা-দৰমহাৰ বাবে খালী কৰি ৰখা হৈছিল ।
পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০২০ বৰ্ষৰ ২৬ মে’ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি উক্ত স্থায়ী পদসমূহৰ বিপৰীতে আৰ্থিক লাভালাভ ষ্টেট পুলৰ শিক্ষকক আদায় দিয়া হৈছিল । শিক্ষা বিভাগৰ সচিবগৰাকীয়ে মহাগাণনিকলৈ প্ৰেৰণ কৰা পত্ৰখনত উক্ত ৮ হাজাৰটা শিক্ষক পদকে এতিয়া বিলুপ্তি কৰাৰ বাবে নিৰ্দেশ দিছে ।