গুৱাহাটী,২৬ জুলাই:প্ৰাকৃতিকভাৱে চহকী থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ক্ৰমাৎ প্ৰদূষণৰ কৱলত পৰাৰ লগতে কৃত্ৰিম বানপানীকে ধৰি একাধিক সমস্যাৰে জৰ্জৰিত হৈ পৰিছে । সৰু-বৰ ১৮খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰী ক্ৰমাৎ কংক্ৰিটৰ নগৰীলৈ পৰ্যৱসিত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে উত্তাপো বৃদ্ধি পাব ধৰিছে । গুৱাহাটী মহানগৰীক সেউজ সুন্দৰকৈ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও গুৱাহাটীৰ পাহাৰসমূহৰ সেউজ আৱৰণ ধৰি ৰখাৰ ক্ষেত্ৰত বিশেষ কোনো উদ্যোগ গ্ৰহণ কৰা নাই । গুৱাহাটীৰ ১৮খন পাহাৰ সংৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত কাৰ্যতঃ চৰকাৰ ব্যৰ্থ হৈছে ।
পাহাৰসমূহৰ ব্যাপক অবক্ষয়ৰ বাবেই সম্প্ৰতি গুৱাহাটী মহানগৰীয়ে কৃত্ৰিম বানপানী, প্ৰদূষণ, উত্তাপ বৃদ্ধি আদি বহু সমস্যাৰে যুঁজ দিবলগীয়া হৈছে । গুৱাহাটীৰ পাহাৰসমূহক সংৰক্ষিত কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰে এইবাৰ সেউজ পাহাৰ গঢ়াৰ পৰিকল্পনা কৰিছে ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক ভিডিঅ' যোগে এই পৰিকল্পনাৰ কথা সদৰী কৰিছে । পৰিৱেশ প্ৰদূষণৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । চৰকাৰে আৰবান ফৰেষ্টৰ পৰিকল্পনা কৰিছে । গুৱাহাটীৰ বৰবাৰীৰ চাৰি বৰ্গ কিলোমিটাৰ এলেকাত ঘন জংঘলৰ এক পৰিকল্পনা কৰিছে ।