গুৱাহাটী,২৭ মাৰ্চ: গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত প্ৰয়োজনীয় সকলোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ(Mission Flood Free Guwahati) এক বৈঠকত দেওবাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়(Assam Govt plan to build a flood-free Guwahati) ৷
বাহিনী নদীৰ কাষৰ কিছু কিছু অংশত হোৱা বেদখল আৰু নিৰ্মাণ কাৰ্যৰ বাবে নদীখন ঠেক হৈ পানী সংবহনত হোৱা অসুবিধাৰ দিশলৈ লক্ষ্য ৰাখি অতি সোনকালে এনে স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে মন্ত্ৰী সিংহলে দেওবাৰে প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰে কিছু কিছু ঠাই বেদখলকাৰীৰ নামত ইতিপূৰ্বে নিষ্পত্তি হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি প্ৰয়োজন সাপেক্ষে শিলসাঁকো বিলৰ ক্ষেত্ৰত কৰাৰ দৰে এনে নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে ৷
দেওবাৰে মন্ত্ৰী সিংহলে গুৱাহাটী জল ব’ৰ্ডৰ(Gauhati Jal Board) বিষয়ববীয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে আৰু কাম-কাজ সুষম গতিত আগবঢ়াই নিবলৈ কৰ্তব্যত নিয়োজিত পক্ষসমূহক নিৰ্দেশনা প্ৰদান কৰে ৷ দেওবাৰে অনুষ্ঠিত আন এক বৈঠকত মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰো বুজ লয় ৷