অসম

assam

By

Published : Jul 14, 2021, 6:46 AM IST

Updated : Jul 14, 2021, 9:20 AM IST

ETV Bharat / state

উচ্চ শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা

মঙলবাৰে এক নতুন নিৰ্দেশনা জাৰি কৰি উচ্চ শিক্ষাৰ বাবে প্ৰৱেশিকা পৰীক্ষা (Entrance Exam) আৰু বিভিন্ন নিযুক্তি সম্বন্ধীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত অনুমতি প্ৰদান অসম চৰকাৰ (Assam Govt)ৰ । বুধবাৰৰ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা । সম্পূৰ্ণৰূপে মানি চলিব লাগিব ক’ভিড (Covid) প্ৰট'কল ।

new rule for entrance exam
প্রৱেশিকা পৰীক্ষাৰ ক্ষেত্রত চৰকাৰৰ নতুন নিৰ্দেশনা

গুৱাহাটী, 14 জুলাই : উচ্চ শিক্ষা (Higher Study)ৰ পৰীক্ষা সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰ (Assam Govt)য়ে । মঙলবাৰে এক নতুন নিৰ্দেশনা (New Rule) জাৰি কৰি উচ্চ শিক্ষাৰ বাবে প্ৰৱেশিকা পৰীক্ষা (Entrance Exam) আৰু বিভিন্ন নিযুক্তি সম্বন্ধীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । বুধবাৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব । নিৰ্দেশনাত উল্লেখিত অনুসৰি, বিভিন্ন বিভাগ, সংগঠন তথা সংস্থাসমূহে প্ৰাৰ্থীসকলৰ স্বাৰ্থৰ বাবে অফলাইন (Offline) পদ্ধতিত ৰাজ্যজুৰি নিযুক্তি আৰু প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰিছে ।

উচ্চ শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা

এই সন্দৰ্ভত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Assam Disaster Management Authority)য়ে জাৰি কৰিছে এক নিৰ্দেশনা । সেই অনুসৰি, সমগ্ৰ ৰাজ্যতে উচ্চ শিক্ষাৰ বাবে নিযুক্তি আৰু প্ৰৱেশিকা পৰীক্ষাৰ অনুমতি দিয়া হৈছে । এই সন্দৰ্ভত ক’ভিড (Covid) প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলিব লাগিব । পৰীক্ষাসমূহ পৰীক্ষাগৃহৰ 50 শতাংশ আসন ক্ষমতা বা 50 গৰাকী পৰীক্ষাৰ্থীৰ সৈতে অনুষ্ঠিত কৰিব লাগিব ।

200 ৰ অধিক প্ৰাৰ্থীক কোনো কেন্দ্ৰত পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰা নহ’ব । ইয়াৰোপৰি পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীসকলক আন্তঃজিলা যাতায়াত, সান্ধ্য আইন, নগৰাঞ্চলত যান-বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য যুগ্ম-অযুগ্ম নীতিৰ পৰা সম্পূৰ্ণ ৰেহাই দিয়া হ’ব । অৱশ্যে পৰীক্ষাৰ্থীসকলে বৈধ এডমিট কাৰ্ড (Admit Card) দেখুৱাব লাগিব ।

লগতে পঢ়ক :জলজীৱন মিছন : প্রতিদিনে খৰচ হোৱা পানীৰ হিচাব ল’ব ৰণজিৎ কুমাৰ দাসে

Last Updated : Jul 14, 2021, 9:20 AM IST

ABOUT THE AUTHOR

...view details