গুৱাহাটী, 2জুলাইঃ অসমৰ কৃষিভূমিত সহজে উদ্যোগ স্থাপন কৰিব পাৰি বুলি কেবিনেটত লোৱা সিদ্ধান্তত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন নাগৰিক । চৰকাৰৰ এই সিদ্ধান্তক একেমুখে ধিক্কাৰ দিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰে অসমীয়া ৰাইজৰ মাটি বণিক গোষ্ঠীয়ে সহজে হস্তগত কৰিব পৰা ব্যৱস্থাক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে ।
ইপিনে থলুৱা ৰাইজৰ এই খেতিৰ মাটি বণিক গোষ্ঠীয়ে সহজে নিব পৰা চৰকাৰী সিদ্ধান্তক বিৰুদ্ধে সকলোকে একগোট হৈ বিৰোধিতা কৰিবলৈ আহ্বান জনালে সাংসদ প্ৰদ্যুৎ বৰদলৈ ।