অসম

assam

হাতে হাতে বন্দুক, মিজোৰাম ভ্ৰমণ নকৰিব : গৃহ বিভাগৰ নিৰ্দেশনা জাৰি

By

Published : Jul 29, 2021, 10:24 PM IST

বৃহস্পতিবাৰে অসম চৰকাৰ (Assam Govt)ৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, অসমৰ কোনো লোককে সম্প্ৰতি মিজোৰাম ভ্ৰমণ কৰিব নোৱাৰে ৷ মিজোৰামৰ সাধাৰণ লোকৰ হাততো আছে অত্যাধুনিক মাৰণাস্ত্ৰ আৰু বন্দুক-বাৰুদ । গতিকে অসমৰ লোকৰ বাবে এই সময়ত মিজোৰাম ভ্ৰমণ কৰা উচিত নহয় বুলি গৃহ বিভাগে নিৰ্দেশনাত উল্লেখ কৰে ৷

assam-govt-issued-notification
গৃহ বিভাগৰ নিৰ্দেশনা জাৰি

গুৱাহাটী, 29 জুলাই : সম্প্ৰতি অসমৰ কোনো লোকে যাতে মিজোৰাম ভ্ৰমণ নকৰে, এই ক্ষেত্ৰত বৃহস্পতিবাৰে এক নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰ (Assam Govt)ৰ গৃহ বিভাগে । গৃহ বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নন (M S Manivannan)য়ে জাৰি কৰা এই নিৰ্দেশনাত খুব স্পষ্ট ভাষাৰে বৰ্তমানৰ সময়চোৱাত অসমৰ কোনো লোককে মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে ৷ শেহতীয়া পৰিস্থিতি যিহেতু যথেষ্ট স্পৰ্শকাতৰ আৰু মিজোৰামৰ একাংশ সংগঠনে ধাৰাবাহিকভাৱে অসম বিৰোধী কেতবোৰ উচতনিমূলক মন্তব্য কৰি আহিছে, গতিকে এনে সময়ত অসমৰ লোক মিজোৰামলৈ যোৱাটো অত্যন্ত বিপদজনক ।

নিৰ্দেশনাত কোৱা হৈছে যে, মিজোৰামৰ সাধাৰণ লোকৰ হাতে-হাতেও আছে অত্যাধুনিক মাৰণাস্ত্ৰ আৰু বন্দুক-বাৰুদ । সেয়েহে অসমৰ লোকৰ বাবে এই সময়ত মিজোৰাম ভ্ৰমণ মুঠেও সমীচিন নহ’ব । আনহাতে কৰ্মসূত্ৰে বা ব্যৱসায় সূত্ৰে মিজোৰামত বসবাস কৰা অসমৰ লোকসকলকো সাৱধানে থাকিবলৈ কোৱা হৈছে ৷

গৃহ বিভাগৰ নিৰ্দেশনা জাৰি

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা বৰ্বৰ ঘটনাকলৈ উত্তাল হৈ আছে সমগ্ৰ অসম ।

ৰাজ্যৰ বিভিন্ন ঠাইত দল-সংগঠনে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে সাব্যস্ত কৰি আছে প্ৰতিবাদ । মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত অসম আৰক্ষী (Assam Police)ৰ 6 গৰাকীকৈ জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকৰ মৃত্যুক যেন কোনেও সহজভাৱে ল’ব পৰা নাই অসমবাসীয়ে ।

ইফালে লাইলাপুৰৰ ঘটনাক লৈ বিভিন্নজনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ক দোষী সাব্যস্ত কৰিছে ৷ অসম-মিজোৰামৰ সীমা বিবাদ(Border Dispute) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দিয়া উপদেশসমূহ অসমে আখৰে আখৰে পালন কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক :অৰুণাচলত নিহত দুই NSCN(K) কেডাৰ

ABOUT THE AUTHOR

...view details