অসম

assam

ETV Bharat / state

Assam govt inks deal with CDFD hyderabad:পূৰ্বোত্তৰ-দক্ষিণৰ চুক্তিয়ে ৰাজ্যত সূচনা কৰিব নতুন দিগন্তৰ - অসম

অসম-হায়দৰাবাদৰ মাজত সম্পন্ন হৈছে বুজাবুজি চুক্তি ৷ হায়দৰাবাদৰ ডিএনএ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়গনষ্টিকচ (চিডিএফডি) কেন্দ্ৰৰ সৈতে চুক্তি কৰিলে অসমে ৷

assam govt inks deal with CDFD hyderabad
অসম-হায়দৰাবাদৰ মাজত বুজাবুজি চুক্তি

By

Published : Jun 27, 2023, 8:44 PM IST

অসম-হায়দৰাবাদৰ মাজত বুজাবুজি চুক্তি

গুৱাহাটী, 27 জুন : অসমক অপৰাধমুক্ত, সুৰক্ষিত আৰু স্বাস্থ্যৱান সমাজ গঢ়াৰ দিশত প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে আৰু ফৰেনচিক বিজ্ঞান, স্বাস্থ্যসেৱা আৰু ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হায়দৰাবাদৰ ডিএনএ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়গনষ্টিকচ (চিডিএফডি) কেন্দ্ৰৰ সৈতে বুজাবুজিৰ দুখন স্মাৰক পত্ৰ স্বাক্ষৰ কৰে । অসম চৰকাৰৰ হৈ প্ৰধান সচিব গৃহ আৰু ৰাজনৈতিক নীৰজ বাৰ্মা আৰু চিডিএফডিৰ হৈ ড৹ কে থাংগাৰাজে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

অসম-হায়দৰাবাদৰ মাজত বুজাবুজি চুক্তি

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে চিডিএফডিৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিয়ে ৰাজ্যখনত অপৰাধমুক্ত, সুৰক্ষিত আৰু স্বাস্থ্যৱান সমাজ গঢ়ি তোলাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । চুক্তি কৰাৰ বাবে চিডিএফডিক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনক অপৰাধমুক্ত কৰাৰ প্ৰচেষ্টাত, সাম্প্ৰতিক সময়ত ফৰেনচিক বিজ্ঞানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাম আৰম্ভ কৰিছে ।

উত্তৰ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ফৰেনচিক বিজ্ঞানত ৰাজ্যখনক শক্তিশালী কৰাৰ উপৰিও চৌহদটোৱে আৰক্ষী, ন্যায়পালিকা আৰু ফৰেনচিক বিজ্ঞানীসকলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশত সহায় কৰিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ফৰেনচিক বিজ্ঞানৰ বুজাবুজি চুক্তিৰ অংশ হিচাপে চিডিএফডিয়ে অসমৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ বৈজ্ঞানিক আৰু কাৰিকৰী কৰ্মচাৰীসকলক মানৱ চিনাক্তকৰণৰ উদ্দেশ্যে ডিএনএ প্ৰফাইলিং প্ৰশিক্ষণ প্ৰদান কৰিব ।

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে বুজাবুজিৰ অংশ হিচাপে প্ৰমাণ সংগ্ৰহ, সঞ্চালন আৰু পৰিবহণ পদ্ধতি, গুণগত মানদণ্ড নিশ্চিতিৰ বিষয় আদিকে ধৰি ক্ষেত্ৰসমূহৰ ওপৰত প্ৰশিক্ষণ আৰু সংবেদনশীলতা কাৰ্যসূচী থাকিব । তেওঁ কয় যে এই ব্যৱস্থাই ৰাজ্যখনত অপৰাধী ন্যায় প্ৰদান প্ৰণালীৰ বাবে প্ৰযুক্তিৰ মূল্যৰ প্ৰদৰ্শক হিচাপেও কাম কৰিব ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু উল্লেখ কৰে যে স্বাস্থ্যসেৱা আৰু ৰোগ নিৰ্ণয় সেৱাৰ ক্ষেত্ৰত বুজাবুজি চুক্তিয়ে যুটীয়া গৱেষণা কাৰ্যসূচীত সহায় কৰিব য’ত অসম চৰকাৰ আৰু চিডিএফডি দুয়োটা অনুষ্ঠানে পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত প্ৰকল্পত সহযোগিতা কৰিব পাৰে । তেওঁ লগতে কয় যে এই চুক্তি পিএইচডি শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট সহায়ক হ’ব ।

লগতে পঢ়ক :Telangana Polls 2023 : তেলেংগানা দখলৰ বাবে কংগ্ৰেছক একত্ৰিত হোৱাৰ আহ্বান ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details