গুৱাহাটী, ২ আগষ্ট:অসমত গছপুলি ৰোপনৰ কাৰ্যসূচীক এক ব্যাপক ৰূপ দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । এই অভিযানৰ অংশ হিচাপে অসমত একেদিনাই এক কোটি গছপুলি ৰোপনৰ এক অভিনৱ কাৰ্যসূচী ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে । বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপনৰ এই অভিযানক ‘অমৃত বৃক্ষ আন্দোলন’ হিচাপে নামাকৰণ কৰিছে ।
এই উপলক্ষে বুধবাৰে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে দুটা ৱেব পৰ্টেল মুকলি কৰে । ‘Amrit Brikhya Andolan’ আৰু WBI পৰ্টেল মুখ্যমন্ত্ৰীয়ে মুকলি কৰে । উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলনৰ অভিযানত অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী , অংগনবাড়ী কৰ্মী, চাহ বাগিচাৰ কৰ্মচাৰী, শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থাৰ সদস্য লগতে ব্যক্তিগত লোকে অংশগ্ৰহণ কৰিব পাৰিব ।
অহা ১৭ ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰাৰ ফটোসহ সবিশেষ Amrit Brikhya Andolan পৰ্টেল আপলোড দিব লাগিব । গছপুলি ৰোপনৰ বাবদ চৰকাৰে বেংকৰ জৰিয়তে প্ৰতিজনলোকক ১০০ টকা আগবঢ়াব । তিনিবছৰ গছপুলি ডালক ভালদৰে প্ৰতিপালন কৰাৰ পিছত তিনিবছৰ পিছত ২০০ টকাকৈ আগবঢ়াব ।