অসম

assam

ETV Bharat / state

লক্​ ডাউনঃ আছাম কেয়াৰে সহায় কৰিব বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক - Assam govt help the people who's are out of state though Assam care etv bharat assam

কিছু সংখ্যক যুৱক যুৱতীয়ে নিজৰ বেংক একাউণ্টৰ পাছবুক নিজৰ লগত ৰখা নাই অথবা অসম চৰকাৰৰ হেল্প লাইন নম্বৰটোত যোগাযোগ কৰি অনলাইন ফৰ্ম ফিলআপ কৰাত সুবিধাৰ সন্মুখীন হৈছে তেনে যুৱক যুৱতীৰ সহায়ৰ বাবে "আছাম কেয়াৰ" নামৰ এটা মাধ্যম মুকলি কৰি দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ, কটন বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষক সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকল ইতিমধ্যে এই মাধ্যমৰ জৰিয়তে বহিঃ ৰাজ্যত কৰ্মসূত্ৰে থকা অসমীয়া যুৱক যুৱতী সকলৰ লগত যোগাযোগ স্থাপন কৰিছে।

আছাম কেয়াৰে সহায় কৰিব বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক
আছাম কেয়াৰে সহায় কৰিব বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক

By

Published : Apr 30, 2020, 9:09 PM IST

গুৱাহাটী, 30 এপ্ৰিল : লক ডাউনৰ বাবে স্তদ্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। খাদ্যৰ লগতে আৰ্থিক সংকটৰ মুখামুখি হৈছে সধাৰণ লোক। লক্​ ডাউনৰ বাবে অসমৰ লক্ষাধিক যুৱক-যুৱতী কৰ্মসূত্ৰে আবদ্ধ হৈ আছে দক্ষিণ ভাৰত তথা ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যত। এই লোকসকলৰ ভিতৰত বহু লোকে অসম চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছে ৷

আছাম কেয়াৰে সহায় কৰিব বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক

কিন্তু কিছু সংখ্যক যুৱক যুৱতীয়ে নিজৰ বেংক একাউণ্টৰ পাছবুক নিজৰ লগত ৰখা নাই অথবা অসম চৰকাৰৰ হেল্প লাইন নম্বৰটোত যোগাযোগ কৰি অনলাইন ফৰ্ম ফিলআপ কৰাত সুবিধাৰ সন্মুখীন হৈছে তেনে যুৱক যুৱতীৰ সহায়ৰ বাবে "আছাম কেয়াৰ" নামৰ এটা মাধ্যম মুকলি কৰি দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ, কটন বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষক সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকল ইতিমধ্যে এই মাধ্যমৰ জৰিয়তে বহিঃ ৰাজ্যত কৰ্মসূত্ৰে থকা অসমীয়া যুৱক যুৱতী সকলক যোগাযোগ স্থাপন কৰিছে।

আছাম কেয়াৰে সহায় কৰিব বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক

চৰকাৰৰ এই আছাম কেয়াৰ নামৰ মাধ্যমৰ জৰিয়তে এই সকল লোকক 2000 কৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে এই আঁচনি হাতত লৈছে। ইতিমধ্যেই আছাম কেয়াৰত প্ৰায় 10 লক্ষাধিক লোকে মিছ কল দিছে ৷ আছাম কেয়াৰ তৰফৰ পৰাও 6 লক্ষাধিক যুৱক যুৱতীক যোগাযোগ স্থাপন কৰি নথি পত্ৰৰ সবিশেষ লাভ কৰে বুলি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যপক ডঃ অখিল ৰঞ্জন দত্তই। এই তৎকালীন সাহায্যৰ বাবে আছাম কেয়াৰত দিন নিশাই কাম কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।

For All Latest Updates

TAGGED:

Assam care

ABOUT THE AUTHOR

...view details