গুৱাহাটী,৩১ ডিচেম্বৰ : ক'ভিডৰ তৃতীয় পালি প্ৰতিষেধক তথা বুষ্টাৰ ড'জৰ বাবে সাজু হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ (Assam govt guideline for covid booster dose)। ১০ জানুৱাৰীৰ পৰা ৬০ বছৰৰ উৰ্ধৰ লোক আৰু ক'ভিড যুদ্ধৰ ক্ষেত্রত সন্মুখৰ পৰা নেতৃত্ব দিয়া যোদ্ধাসকলক ক'ভিডৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব । শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ গুৱাহাটীস্থ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই (Assam health minister announcement about booster dose)।
তেওঁ কয় যে ৰাজ্যত ৬০ বছৰৰ উৰ্ধৰ আৰু সন্মুখৰ পৰা নেতৃত্ব দিয়া ক'ভিড যোদ্ধা মিলি প্ৰায় ৩৬ লাখ লোক আছে । এই লোকসকলক পৰ্যায়ক্ৰমে বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব । ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯ মাহ পাছত বুষ্টাৰ ড'জ দিয়া হয় ।
সংবাদমেলত স্বাস্থ্য মন্ত্রীগৰাকীয়ে কয় যে ৩ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । ৭ দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু সেই অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্তক দায়িত্ব অৰ্পণ কৰা হৈছে ।