গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : অসমত ধাৰাবাহিকভাৱে চলি থকা এনকাউন্টাৰসমূহ প্ৰকৃতাৰ্থত ভুৱা (Fake encounter case in Assam) ৷ এই সন্দৰ্ভত দাখিল হোৱা এটা গোচৰৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে (The Gauhati High Court) ২১ ফেব্ৰুৱাৰীত পুনৰ শুনানিৰ দিন ধাৰ্য কৰে । উল্লেখযোগ্য যে, আৰিফ জোৱাদ্দাৰ নামৰ দিল্লীৰ এজন অধিবক্তাই এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL No. 86/2021) তৰিছিল ।
আবেদনখনত কোৱা হৈছিল যে, ২০২১ বৰ্ষৰ মে' মাহৰ পৰা অসমত কমেও ৮০ টা এনে ভূৱা এনকাউন্টাৰ ৰাজ্যৰ আৰক্ষী বাহিনীয়ে সংঘটিত কৰিছে ৷ য’ত ২৮ জন লোক নিহত আৰু ৪৮ জন আঘাতপ্ৰাপ্ত হৈছে । ইতিপূৰ্বে এই আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ে কেইবাবাৰো গ্ৰহণ কৰিছে ।
ৰাজ্য চৰকাৰৰ ফালৰ পৰা পূৰ্বৰ এক শুনানিত দাখিল কৰা এক শপতনামাত কোৱা হৈছিল যে, ৰাজ্য চৰকাৰে এনে ১৭ টা এনকাউন্টাৰৰ নিজাববীয়া তদন্ত চলাই আছে ।