গুৱাহাটী,১৫ এপ্ৰিল:২ মে'ত দিছপুৰত বহিব নতুন চৰকাৰ । পাঁচ বছৰৰ বাবে শাসনৰ বাঘজৰী বিজেপি মিত্ৰজোট কিম্বা কংগ্ৰেছৰ মহাজোঁট যাৰ হাতলৈকে নাযাওক কিয়, শাসনত বহিবলগীয়া নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছতে ৰাজ্যিক কৰ্মচাৰীৰ তীব্ৰ ক্ষোভৰ মুখামুখি হ'ব লাগিব । কিয়নো বিদায় ল'বলৈ ওলোৱা চৰকাৰখনৰ ওচৰত যোৱা সময়চোৱাত ৰাজ্যিক কৰ্মচাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰি আহিছিল আৰু অতি ৰাজনৈতিক চতুৰালিৰে চৰকাৰখনে এনে দাবীসমূহ অগ্ৰাহ্য কৰি আহিছিল ।
প্ৰাপ্ত খবৰ অনুসৰি ২১ এপ্ৰিলত অনুষ্ঠিত হ'ব সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । সেই বৈঠকতে ৰাজ্যিক কৰ্মচাৰীসকলে আগন্তুক সময়ত কেনে ধৰণৰ আন্দোলনৰ কাৰ্যসূচীৰে নিজৰ প্ৰাপ্য আদায়ৰ বাবে যুঁজ দিব তাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব ।
কৰ্মচাৰীৰ ক্ষোভৰ মুখামুখি হ'ব লাগিব নতুন চৰকাৰ মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যিক কৰ্মচাৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে একাধিকবাৰ আলোচনাত মিলিত হৈছিল সদৌ অসম কৰ্মচাৰী পৰিষদ । সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল চৰকাৰৰ ফালৰ পৰা । কিন্তু আজিকোপতি এটাও সমস্যা সমাধান নহ'ল ।
উদাহৰণস্বৰূপে শিক্ষকসকলৰ ৩০ দিনৰ আৰ্জিত ছুটিৰ দাবী আজিও চৰকাৰে মানি নল’লে । ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিনামূলীয়া চিকিৎসাৰ দীৰ্ঘদিনীয়া দাবী এতিয়াও কাৰ্যকৰী নকৰিলে চৰকাৰে । দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীয়ে লাভ কৰা ফিক্সড টি এ এতিয়াও অনাদায় হৈ থাকিল । ষষ্ঠ দৰমহা আয়োগৰ সংশোধিত দৰমহাৰ ২১ মাহৰ বকেয়া আদায় দিয়াৰ দাবী ৰাজ্য চৰকাৰখনে মানি নল'লে । এনে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে পুনৰ নতুন চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে ।
লগতে পঢ়ক:বাক্সাৰ দিঘেলীত বিষহৰী পূজা সম্পন্ন