অসম

assam

By

Published : Feb 10, 2023, 5:38 PM IST

ETV Bharat / state

Strike For OPS : পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ কৰ্মবিৰতি

পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি কৰ্মবিৰতি পালন চৰকাৰী কৰ্মচাৰী সমাজৰ (strike for OPS in Assam) । সদৌ অসম এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰে । লগতে অ'পিএছ প্ৰৱৰ্তন নহ'লে ভৱিষ্যতে অধিক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ।

OPS
OPS

পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰী কৰ্মচাৰী সমাজৰ অৱসৰৰ পিছৰ সময়ছোৱা সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ নিৰন্তৰ দাবী উত্থাপন হৈ আহিছে (Assam govt employee demand OPS) । পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত শুকুৰবাৰে কৰ্মবিৰতি পালন কৰে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰীসকলে (strike for OPS in Assam) ৷ উল্লেখ্য, বিগত দিনত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত কেইবালানিও আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল (Assam NPS employee strike) ।

কিন্তু সিমানৰ পাছতো চৰকাৰৰ পৰা কোনো ধৰণৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰা নাছিল । তাৰেই পৰিপ্ৰেক্ষিতত পুনৰবাৰ প্ৰতিবাদত নামে চৰকাৰী এনপিএছ (National Pension Scheme) শিক্ষক-কৰ্মচাৰী সমাজ । শুকুৰবাৰে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ আহ্বানত ৰাজ্য চৰকাৰৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজে 'কৰ্মবিৰতি' কাৰ্যসূচী পালন কৰি ৰাজ্যত এনপিএছ আঁচনিৰ বিলুপ্তি আৰু পুৰণি পেঞ্চন ব্যৱস্থাৰে (Old Pension Scheme) সকলো শ্ৰেণীৰ শিক্ষক-কৰ্মচাৰী সমাজৰ বৃদ্ধাৱস্থা সুৰক্ষিত কৰাৰ বাবে দাবী জনায় ৷

এই সন্দৰ্ভত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ (all Assam govt NPS employee association) সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে বিগত সময়ছোৱাত অসমৰ শিক্ষক-কৰ্মচাৰী সমাজে বাৰে বাৰে ৰাজ্য চৰকাৰক নিজৰ ভৱিষ্যতৰ শংকা নিৰ্মূলৰ বাবে দাবী জনাই অহাৰ পিছতো অসম চৰকাৰ নিৰ্বাক-নিৰ্বিকাৰ হৈ আছে । এক কথাত অসম চৰকাৰৰ হেমাহিৰ বাবেই আজি অসমৰ কৰ্মচাৰী সমাজে সংগ্ৰাম তীব্ৰতৰ কৰিবলৈ বাধ্য হৈছে ৷ অসমৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰো বুলি উল্লেখ কৰি অচ্যুতানন্দ হাজৰিকাই কয়, এই সমস্যাৰ সমাধানৰ বাবে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তোলা হ'ব ।

আনহাতে, এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অনাগত সময়ত যদিহে অসমৰ সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হয় তাৰ বাবে অসমৰ কৰ্মচাৰী সমাজক জগৰীয়া কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে । তেওঁ লগতে কয় যে এনপিএছ ব্যৱস্থাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজক বাৰুকৈয়ে শংকিত কৰি তুলিছে ৷ কিয়নো ইতিমধ্যে এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰা প্ৰায় ৯৫০০ শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ চৰম সংকট নামি আহিছে ৷ সুদীৰ্ঘকাল ৰাইজৰ সেৱা কৰি অৱসৰ লোৱা এইসকল শিক্ষক-কৰ্মচাৰীয়ে বাৰ্ধক্যৰ সময়ছোৱাত পেঞ্চন হিচাপে মাহিলি মাত্ৰ ৫০০ টকাৰ পৰা ২৫০০ টকালৈহে লাভ কৰি আছে ৷

এনে এক ভয়াৱহ দিনৰ কথা ভাবিয়েই ত্ৰাসিত কৰ্মচাৰী সমাজে একত্ৰিতভাৱে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবী জনোৱা বুলি তেওঁ কয় । লগতে তেওঁ কয় যে এই দাবী আন অনুৰোধৰ দৰে ডাষ্টবিনত পেলাই কৰ্মচাৰী সমাজৰ পৰা ১০০% কাম, দক্ষতা আশা কৰিব নোৱাৰে ৷ উল্লেখ্য, শুকুৰবাৰে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু ৰাজ্যৰ ৬০-ৰো অধিক প্ৰতিষ্ঠিত শিক্ষক-কৰ্মচাৰী সংস্থাৰ সহযোগত অসমৰ লাখ লাখ শিক্ষক-বিষয়া-কৰ্মচাৰী-আৰক্ষীয়ে প্ৰদৰ্শন কৰে কৰ্মবিৰতিৰ ৷ আনহাতে, এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত শুকুৰবাৰে আহ্বান জনোৱা কৰ্মবিৰতি পালন কৰাৰ বাবে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই অসমৰ চৰকাৰী কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক :BTC Accord Day: প্ৰমোদ বড়ো বেপাৰী: হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details