গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল এ চি এছ বিষয়া নন্দিতা কোঁৱৰক (Govt Dismisses ACS Officer Nandita Konwar From Service)৷ ২০১৭ চনত উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এ চি এছ বিষয়া নন্দিতা কোঁৱৰ ৷ উৎকোচ লোৱা ঘটনাত দোষী সাব্যস্ত হোৱাৰ পিছত নন্দিতা কোঁৱৰক ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰে ৷
২০১৭ চনত সাংসদ পুঁজিৰ উন্নয়ণমূলক কামৰ নামত উৎকোচ বিচাৰি হাতে-লোটে ধৰা পৰিছিল নন্দিতা কোঁৱৰ ৷ সেই সময়ত কামৰূপ মহানগৰ জিলা গ্ৰাম্য উন্নয়নৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ(Assam Civil Service officer) । উল্লেখ যে, বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত দেবানন্দ কোঁৱৰৰ কন্যা নন্দিতা কোঁৱৰক ২০১৭ চনৰ ১৬ মাৰ্চত উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল (Nandita Konwar was caught red handed while taking bribe) ।
নন্দিতা কোঁৱৰে মহানগৰীৰ দুৰ্গা সৰোবৰ অঞ্চলত সাংসদ পুঁজিৰ অধীনত এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা উৎকোচ বিচাৰিছিল । বিচৰা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল এ চি এছ বিষয়াগৰাকী । বিশেষ ন্যায়াধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল । বিষয়াগৰাকীক দুৰ্নীতি নিবাৰণ আইন (পিচি) ১৯৮৮ৰ ধাৰা ৭,১৩((১) ৯ডি) আৰু ১৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । অৱশেষত দোষী প্ৰমাণিত হোৱাৰ পাছত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ।
উল্লেখ্য যে, নন্দিতা কোঁৱৰৰ পিতৃ প্ৰয়াত দেৱানন্দ কোঁৱৰ হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰী আছিল । ইয়াৰ পাছত ২০০৯ চনত দেৱানন্দ কোঁৱৰক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল । তেওঁ বিহাৰৰ লগতে ত্ৰিপুৰা আৰু পশ্চিম বংগৰো ৰাজ্যপাল আছিল ।
লগতে পঢ়ক:চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ