গুৱাহাটী, ১৪ মাৰ্চ :আগন্তুক মে' মাহত অসম চৰকাৰে নতুনকৈ ৪০ হাজাৰ পদত নিযুক্তি দিব (new recruitment of Assam govt in May 2023) । বিধানসভাত মঙলবাৰে এই কথা সদৰী কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে (finance minister Ajanta Neog) । বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্রী অজন্তা নেওগে কয় যে, অহা ১০ মে’ৰ পৰা ২০ মে’ৰ ভিতৰত ৪০ হাজাৰ নতুন নিযুক্তি হ'ব (MLA Akhil Gogoi on Assam govt recruitment) ।
উল্লেখ্য যে, বিধানসভাৰ বাজেট অধিবেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুযায়ী বিধায়ক অখিল গগৈয়ে ১ লাখ নিবনুৱাৰ নিযুক্তি সম্পর্কে কৰা তাৰকা চিহ্নিত প্ৰশ্ন নং-২৫-ৰ উত্তৰ দি বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয় যে, ২৫ মে’, ২০২২ চনৰ পৰা এতিয়ালৈকে ৩৮,৯৮৭ টা পদত নিযুক্তি দিয়া হৈছে । ইয়াৰ ভিতৰত নিয়মীয়া পদৰ সংখ্যা ৩৫, ১৮০ টা আৰু চুক্তিভিত্তিক পদৰ সংখ্যা ৩৮০৭ টা (Assam Assembly budget session 2023) । তাৰ বিতং তথ্য বিভিন্ন বিভাগৰ পৰা বিচৰা হৈছে বুলি তেওঁ কয় ।
তেওঁ লগতে কয় যে, ২০২১ চনৰ মে' মাহৰ পৰা অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন বিভাগত ২৬,০০০ টা পদৰ বিজ্ঞাপন দি নিযুক্তি প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু বাকী থকা পদসমূহৰ নিযুক্তি প্রক্রিয়া শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব । আনহাতে, বিভাগ অনুযায়ী বিজ্ঞাপন দিয়া পদৰ স্থায়ী আৰু চুক্তিভিত্তিক পদৰ তথ্যৰ তালিকা বিভিন্ন বিভাগৰ পৰা বিচৰা হৈছে বুলি তেওঁ কয় । সদনত অখিল গগৈয় অসম চৰকাৰৰ ঘোষিত এক লাখ নিবনুৱাৰ নিযুক্তি কেতিয়া সম্পূর্ণ হ’ব আৰু শাসকীয় দলে নির্বাচনী প্রতিশ্রুতি দিয়া অনুসৰি ৩১ মার্চ, ২০২২ চনৰ ভিতৰত ১ লাখ নিযুক্তি দিব পৰা নাই কিয় বুলি প্ৰশ্ন কৰে ।