অসম

assam

ETV Bharat / state

Death Anniversary of Bhupen Hazarika: সমাধিক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজনে শ্ৰদ্ধা জনালে সুধাকণ্ঠক - Minister Bimal Borah Slams Bhupen Borah

বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি মৃত্যু বাৰ্ষিকী ৷ দেওবাৰে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

12th Death Anniversary of Bhupen Hazarika
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 9:38 PM IST

Updated : Nov 6, 2023, 8:42 AM IST

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী

গুৱাহাটী, 5 নৱেম্বৰ :আজি বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী ৷ বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় ৷ দেওবাৰে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথ লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়ববীয়াসকল । আজি সমাধিক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ লগতেই আছুৰ নেতৃত্ববৃন্দয়ো ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বড়াই মন্তব্য কৰি কয়, ‘‘সমাধিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰ বাবে চিন্তা চর্চা চলি আছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে ।’’

ইফালে চৰকাৰৰ আন্তৰিকতা নাই, কেৱল আনুষ্ঠানিকতা বুলি চৰকাৰক সমালোচনা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কংগ্ৰেছ নেতা বৰাৰ মন্তব্যক ওভতি ধৰিলে মন্ত্ৰী বিমল বড়াই ৷ তেওঁ কয়, ‘‘চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ হৈ আমি স্মৃতিচাৰণ সভা আয়োজন কৰিছোঁ । ভূপেন বৰা কেতিয়া আহিল মই নেদেখিলোঁ । মই কিন্তু এই ঠাইত পুৱাৰ পৰাই আছোঁ ।’’

ভূপেন হাজৰিকাৰ এটা গীতৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী বড়াই কয়, ‘‘ব’হাগ মাথো এটি ঋতু নহয় গীতটোৰ তাৎপৰ্যৰ লগতে চিত্ৰায়ন কৰিবলৈ, বাস্তৱায়িত কৰিবলৈ আমি অসম চৰকাৰে ব’হাগ মাহত যিখিনি কৰিলে সেয়া আমাৰ শ্ৰদ্ধা নহয় নেকি ! বিৰোধীয়েটো ইমান ভাল পদক্ষেপক সমালোচনাহে কৰিছিল ।’’

আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কয়, ‘‘ভূপেন দা যদিও কায়িকভাৱে আমাৰ লগত নাই, ভূপেন দাৰ স্মৃতিৰাজি আজিও কিন্তু আমাৰ মাজত জীপাল হৈ আছে । ভূপেন দাৰ সৃষ্টিৰাজি বুকুত বান্ধি লৈয়ে আমি জাতীয় জীৱনক আগুৱাই নিব লাগিব । ভূপেন দাৰ প্ৰতিটো সৃষ্টিৰাজিয়ে আমাৰ বাবে সাহস, উদ্যম আৰু অনুপ্ৰেৰণা ।’’

লগতেই উক্ত অনুষ্ঠান উপস্থিত থাকি অসম চৰকাৰৰ ওচৰত 7 টা দাবী উত্থাপন কৰে আছুৰ নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘অসমৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন হাজৰিকাৰ দেৱৰ সৃষ্টিৰাজি অন্তৰ্ভুক্ত কৰা, বিশ্ববিদ্যালয়সমূহত আসন স্থাপন, ভূপেন হাজৰিকাদেৱৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন, গুৱাহাটীৰ ৰে’লৱে ষ্টেচনৰ নাম ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ, ভূপেন হাজৰিকাৰ নামত এখন সংস্কৃতিক ৰে’ল গোটেই ভাৰতবৰ্ষত প্ৰৱৰ্তন, শিল্পীগৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে আৰু সমাধিস্থলী সম্প্ৰসাৰণ কৰিব লাগে ।’’

লগতে পঢ়ক:Samujjal Kumar Bhattacharya: অসমত কেৱল খিলঞ্জীয়াবাদৰ স্থান আছে, মৌলবাদৰ নাই; সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Last Updated : Nov 6, 2023, 8:42 AM IST

ABOUT THE AUTHOR

...view details