জনতা ভৱনত ৰাজ্যিক কেবিনেট গুৱাহাটী, 31 মে':মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam Govt Weekly Cabinet Meeting) ৷
চাৰি লাখ টকাৰ বাৰ্ষিক আয় থকা লোকসকলেও লাভ কৰিব ৰেচন কাৰ্ড ৷ পূৰ্বতে আঢ়ৈ লাখ টকাৰ বাৰ্ষিক আয় থকা লোকে লাভ কৰিছিল ৰেচন কাৰ্ড ৷ এতিয়াৰে পৰা ৰেচন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আয়ৰ সীমা আঢ়ৈ লাখৰ পৰা চাৰি লাখ টকালৈ বৃদ্ধি কৰা হৈছে ৷ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত (Assam Govt Cabinet Meeting held in Janata Bhawan) ৷
কেবিনেটৰ সিদ্ধান্ত অনুসৰি চাৰি লাখ টকাৰ বাৰ্ষিক আয় থকা লোকসকলে লাভ কৰিব ৰেচন কাৰ্ড ৷ আনহাতে জুলাই মাহৰ শেষত 40 লাখ লোকক একেলগে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড ৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া চলি আছে বুলি সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Cabinet Minister Jayanta Malla baruah) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা বাহনৰ আৰ চি আৰু লাইচেন্স ডিজিটেলি উপলব্ধ হ'ব ৷ প্ৰয়োজন নহ'ব হাৰ্ড কপিৰ ৷ ডি জি ল'কাৰৰ যোগেদি আৰ চি আৰু লাইচেন্স দেখাব পাৰিব ৷ সেইদৰে জিএডি বিভাগৰ কৰ্মচাৰীৰ বদলিৰ বাবে লোৱা পলিচি আজিৰ কেবিনেটে অনুমোদন জনায় (Assam govt cabinet meeting) ৷
আনহাতে 2022 চনৰ 15 ছেপ্তেম্বৰত হোৱা আদিবাসী চুক্তি অনুসৰি আদিবাদী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল গঠনৰ বাবে লোৱা প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায় ৷ আজিৰ কেবিনেটে আসাম গ্ৰেচ্যুৱেটি বিলৰ সংশোধনীৰ বাবে অনুমোদন জনায় ৷
লগতে কেবিনেটে পূৰ্বে ঘোষণা কৰা অনুসৰি দুলু চাহ বাগিচাৰ 1,496 গৰাকী কেজুৱেল কৰ্মচাৰীক 1 লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ বাবে অনুমোদন দিয়ে ৷ আনহাতে দুলু চাহ বাগিচাৰ পৰা স্থানান্তৰিত হোৱা 173 টা পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে আঢ়ৈ লাখকৈ টকা দিয়াৰ বাবেও কেবিনেটে অনুমোদন জনায় (Assam govt cabinet decisions) ৷
লগতে পঢ়ক:CM Himanta Biswa Sarma: এছচিইআৰটিৰ কেলেংকাৰী জড়িত 12 সাংবাদিক, আৰটিআই কৰ্মী কোন কোন ?