গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ নামত হোৱা বৃহৎ কেলেংকাৰীৰ মাজতেই ই টিভি ভাৰতৰ হাতত আহি পৰিছে আন এক তথ্য । ব্যক্তিগত কোম্পানীক পৰীক্ষা পাতিবলৈ ঠিকা, উপ ঠিকা দিয়াৰ পৰিণতি কি হ'ল সেয়া ইতিমধ্যে ৰাইজে দেখিছে । এইবাৰ অসম আৰক্ষীৰ পিছত কৃষি বিভাগে পূৰণ কৰিবলৈ ওলাইছে প্ৰায় দুহেজাৰটা খালী পদ । এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পাতিবলৈ ৰাজ্যৰ বাহিৰৰ তিনিটাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক ইতিমধ্যে বাচনি কৰা হৈছে ।
এই প্ৰতিষ্ঠান তিনিটা হ'ল ক্ৰমে ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইক'মেট্ৰি, পি এইচ এছ কনচালটেন্ট লিমিটেড আৰু এডুটেষ্ট চল্যুশ্বন প্ৰাইভেট লিমিটেড । ইতিমধ্যে এই তিনিটা প্ৰতিষ্ঠানক পৰীক্ষা পতাৰ বিনিময়ত ১৩ কোটি টকা আদায় দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । বিগত ২৩ ছেপ্টেম্বৰত কৃষি বিভাগৰ সঞ্চালক আকাশদ্বীপে Agri/esstt/7001/pt-1/2019/24 নং পত্ৰ যোগে কৃষি বিভাগৰ প্ৰধান সচিবক ১৩ কোটি টকা আৱন্টন দিবলৈ অনুৰোধ জনাইছে । পত্ৰখনত আৰু কোৱা হৈছে যে পূৰ্বৰ অভিজ্ঞতাৰ পৰা ধাৰণা কৰিব পাৰি যে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্ৰায় দুহেজাৰ পদৰ বাবে প্ৰায় ৮ লাখ প্ৰাৰ্থীয়ে আবেদন জনাব ।