গুৱাহাটী, 29 মাৰ্চ: অসম বিধানসভাৰ মজিয়াত বিশ্ব বক্সিং চেম্পিয়ন অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইক উচ্চ প্ৰশংসা ৷ অসমৰ নাম বিশ্ব বক্সিঙৰ ইতিহাসত সোণালী আখৰেৰে লিখি অসমবাসীক গৌৰৱান্বিত কৰি তোলা লাভলীনালৈ অসম চৰকাৰৰ তৰফৰপৰা 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা ৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনত সদনত বুধবাৰে লাভলীনা বৰগোহাঁইলৈ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Assam govt Reward to Lovlina Borgohain) ৷
বুধবাৰে বিৰোধী কংগ্ৰেছে ৰাহুল গান্ধী প্ৰসংগত উত্তাল কৰাৰ পাচত সদন ত্যাগ কৰে বিৰোধীয়ে ৷ তাৰ পাচতেই বিৰোধী শূন্য সদনৰ মজিয়াত লাভলীনা বৰগোহাঁইৰ বক্সিঙৰ ৰিঙত বিশ্বজয়ক লৈ গৌৰৱান্বিত অসমবাসীৰ হৈ এক ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়ায় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ ধন্যবাদসূচক প্ৰস্তাৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ কৃতিত্ব আৰু ক্ৰীড়া ক্ষেত্ৰলৈ অবিস্মৰণীয় অৱদানক উচ্চ প্ৰশংসা কৰি অসম চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে (Reward to Lovlina Borgohain) ৷