গুৱাহাটী, 8 জানুৱাৰী : 22 জানুৱাৰীত অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব ৷ ইয়াকে লৈ দেশজুৰি চলিছে ব্যাপক চৰ্চা ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন ভক্তই অযোধ্যালৈ যোৱাৰ বাবে যো-যা চলাইছে ৷
ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোক বিশেষ দিন হিচাপে গণ্য কৰি অসম চৰকাৰে গ্ৰহণ কৰিছে এক সিদ্ধান্ত ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত অসমত ড্ৰাই ডে’ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ দেওবাৰে নিশা অনুষ্ঠিত ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্তই X ত কয়, ‘‘ শ্ৰীৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে 22 জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে ।’’ উল্লেখ্য যে, 22 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰত ৰাম লাল্লাৰ মূৰ্তি স্থাপন কৰিব ৷ উক্ত অনুষ্ঠানটোৰ বাবে সকলো সম্প্ৰদায়ৰ 4,000 সাধুকো আমন্ত্ৰণ জনোৱা হৈছে বুলি মন্দিৰ কমিটিয়ে জানিবলৈ দিছে ৷
আনহাতে দেওবাৰে নিশা অনুষ্ঠিত ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উক্ত দিনটো অসমত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে ৷ এইবাৰ মাঘ বিহুত অসম ৰাজ্যিক অসামৰিক বঁটা 2024ৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হ'ব । ৰাজ্যপালে এই বছৰৰ ফেব্ৰুৱাৰীত বঁটাসমূহ প্রদান কৰিব ৷’’
তেওঁ লগতে কয়, ‘‘কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মর্যাদা প্রদান কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ক পৰামর্শ প্রদান কৰিব ৰাজ্য চৰকাৰে ৷ এই পৰিষদসমূহে পৰিষদীয় অঞ্চলত বাস কৰা অনুসূচিত জনজাতিৰ সৈতে সম্পর্কিত উন্নয়নমূলক কার্যকলাপ গ্রহণ কৰাৰ বাবে বিত্তীয় ক্ষমতা বৃদ্ধি কৰিব পৰাকৈ বৃহত্তৰ সাংবিধানিক মৰ্যাদাৰ বাবে পৰামৰ্শ দিব ৰাজ্য চৰকাৰে ৷’’
মন্ত্ৰী বৰুৱাই কয়, ‘‘চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ অধীনত স্থাপন হ'বলগীয়া কার্যসূচী ব্যৱস্থাপনা ইউনিট চমুকৈ পি এম ইউত ঠিকাভিত্তিক কর্মচাৰী নিযুক্তিৰ ক্ষেত্রত এককালীন বিবেচনা হিচাপে মেধাৰ ভিত্তিত চাহ জনজাতি আৰু আদিবাসী সম্প্রদায়ৰ প্রার্থীৰ বাবে 30 শতাংশ আসন সংৰক্ষণ কৰাত কেবিনেটে অনুমোদন জনায় । তদুপৰিও আর্থিকভাবে দুর্বল পৰিয়ালক বিনামূলীয়া চাউল প্ৰদানৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম খাদ্য সুৰক্ষা বিধি, 2022ৰ 4 নং বিধিটোৰ সংশোধনীত অনুমোদন কেবিনেটৰ ৷’’