অসম

assam

No to Child marriage: জেললৈ যাব লাগিব বাল্যবিবাহ কৰা স্বামীৰ লগতে কাজি-পূজাৰীও: মুখ্যমন্ত্ৰী

বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ । কাইলৈ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব অভিযান আৰু চলোৱা হ'ব গ্ৰেপ্তাৰ প্ৰক্ৰিয়া (Assam Govt announced strict action against child marriage)। 9 দিনত চাৰি হাজাৰ গোচৰ ৰুজু হৈছে । বৃদ্ধি পাব গোচৰৰ সংখ্যা । নামনি আৰু মধ্য অসমত বাল্যবিবাহৰ হাৰ সৰ্বাধিক । সংবাদমেলত এই তথ্য প্ৰদান মুখ্যমন্ত্ৰীৰ ৷

By

Published : Feb 2, 2023, 9:40 PM IST

Published : Feb 2, 2023, 9:40 PM IST

strict action against child marriage
বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ

গুৱাহাটী, 2 ফেব্ৰুৱাৰী: বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে যুদ্ধ ঘোষণা কৰিছে । অসমৰ পৰা বাল্যবিবাহ আৰু কম বয়সত সন্তান জন্ম দিয়া ব্যৱস্থা নোহোৱা কৰা হ'ব । শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে চলিব অভিযান আৰু গ্ৰেপ্তাৰ প্ৰক্ৰিয়া । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে (Assam Govt against Child marriage) ।

বিগত 9 দিনত বাল্যবিবাহৰ চাৰি হাজাৰ গোচৰ ৰুজু হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কাইলৈ এই সংখ্য 5 হাজাৰৰো বেছি হ'ব । বাল্যবিবাহ আৰু 18 বছৰৰ তলত সন্তান জন্ম দিয়া ব্যৱস্থাৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হৈছে বুলি সদৰী কৰি তেওঁ কয় যে, অসমত বছৰি কমেও 50 হাজাৰ বাল্যবিবাহ হয় । এই অবৈধ বিবাহ নোহোৱা কৰিব লাগিব (Strict action against child marriage in Assam) ।

তেওঁ লগতে কয় যে, বাল্যবিবাহৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব আৰু কাইলৈৰ পৰা চলিব এই অভিযান । বাল্যবিবাহত জড়িত থকা মোল্লা, জোনাব, কাজি নাইবা পূজাৰীকো নজৰত ৰখা হ'ব বুলি তেওঁ কয় । বাল্যবিবাহ প্ৰক্ৰিয়া বন্ধ নোহোৱা পৰ্যন্ত এই অভিযান অব্যাহত থাকিব (Operation against child marriage in Assam)। বাল্যবিবাহৰ স্বীকাৰ হোৱা সকলৰ পুনৰ সংস্থাপনৰ বাবেও চৰকাৰে চিন্তা-চৰ্চা কৰিছে আৰু আগন্তুক বাজেটত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী জানিবলৈ দিয়ে । নামনি আৰু মধ্য অসমত বাল্যবিবাহৰ হাৰ সৰ্বাধিক বুলি উল্লেখ কৰি তেওঁ কয় যে, নামনি অসমত হোৱা বিবাহৰ 40 শতাংশই বাল্যবিবাহ (Child marriage rate in Assam)।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰা তথ্য মতে বিগত 9 দিনত অসমত বাল্যবিবাহৰ বিৰুদ্ধে 4004 টা গোচৰ ৰুজু হৈছে । এই গোচৰৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব গ্ৰেপ্তাৰ অভিযান (Child marriage rate increase in Assam)। তথ্য মতে, অসমৰ 36 খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা (Child marriage statistics in Assam) ।

বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত 370 টা, হোজাই জিলাত 255 টা, ওদালগুৰি জিলাত 235 টা, কামৰূপ মহানগৰ জিলাত 192 টা, গোৱালপাৰা জিলাত 157 টা, বজালী জিলাত 132 টা, বাক্সা জিলাত 153 টা, বৰপেটা জিলাত 81 টা, বিশ্বনাথ জিলাত 98 টা, বঙাইগাঁও জিলাত 123 টা, কাছাৰ জিলাত 35 টা, চৰাইদেউ জিলাত 78 টা, চিৰাং জিলাত 54 টা, দৰং জিলাত 125 টা, ধেমাজি জিলাত 101 টা গোচৰ ৰুজু হৈ আছে (Child marriage in Assam) ৷

ইয়াৰোপৰি ডিব্ৰুগড় জিলাত 75 টা, ডিমা হাছাও জিলাত 24 টা, মৰিগাঁও জিলাত 224 টা, গোলাঘাট জিলাত 62 টা, যোৰহাট জিলাত 25 টা, কামৰূপ জিলাত 80 টা, কাৰ্বি আংলং জিলাত 126 টা, কৰিমগঞ্জ জিলাত 92 টা, কোকৰাঝাৰ জিলাত 204 টা, লখিমপুৰ জিলাত 32 টা, মাজুলী জিলাত 44 টা, নগাঁও জিলাত 113 টা, নলবাৰী জিলাত 171 টা, শদিয়া জিলাত 85 টা, শিৱসাগৰ জিলাত 54 টা, শোণিতপুৰ জিলাত 60 টা, দক্ষিণ শালমাৰা জিলাত 145 টা, তামুলপুৰ জিলাত 110 টা, তিনিচুকীয়া জিলাত 73 টা, হামৰেণ জিলাত 15 টা আৰু হাইলাকান্দি জিলাত 1 টা গোচৰ ৰুজু হৈছে (Child marriage cases in Assam) । এই সকলো জিলাতে চৰকাৰ তথা প্ৰশাসনে আৰম্ভ কৰিব অভিযান ৷ ফলত বহুলোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে ৷

লগতে পঢ়ক:Child marriage case in Assam: ১০ দিনত অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details