গুৱাহাটী, ২৭ মে’: 'বিশ্ব এতিয়া প্ৰতিযোগিতাৰে ভৰি পৰিছে আৰু তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত জীয়াই থাকিবলৈ আমাৰ মেধাৱী যুৱ ছাত্ৰ-ছাত্ৰীসকলে যিকোনো ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে চেষ্টা কৰিব লাগিব । এয়া নিঃসন্দেহে ’যোগ্য ভোগ্য বসুন্ধৰাৰ যুগ ।’- শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে ক'লে এনেদৰে (Governor present at Second Convocation of Cotton University)।
ডিগ্ৰীপ্ৰাপ্ত সকললৈ শুভেচ্ছা জ্ঞাপন কৰি অধ্যাপক মুখীয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ এক দায়িত্ব আছে বুলি গুৰুত্ব আৰোপ কৰে ।
তেওঁ কয় যে, "আমাৰ দেশে আমাক সকলো দিছে । বিনিময়ত আমি কিবা এটা ঘূৰাই দিয়া উচিত । তোমালোকে দেশত থাকি দেশৰ সেৱা কৰা উচিত । আমাৰ দেশে নতুন উদ্যোগ স্থাপনৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে । সেয়েহে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা কৰা উচিত, দেশত থকা উচিত আৰু দেশৰ সেৱা কৰি আত্মনিৰ্ভৰ হোৱা উচিত ৷"
আনহাতে, উক্ত অনুষ্ঠানত অসমীয়া সাহিত্য আৰু কাৰ্বি ভাষালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হয় ৷ সৰ্বমুঠ ১৩৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয় । সমাৱৰ্তন অনুষ্ঠানত ৫৭ গৰাকী বিভিন্ন বিষয়ত শীৰ্ষস্থান লাভ কৰা ছাত্ৰীক সোণৰ পদক প্ৰদান কৰাৰ লগতে ১১ গৰাকী ছাত্ৰ-ছাত্ৰীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ।
এই উপলক্ষে সমাৱৰ্তন বক্তা হিচাপে উপস্থিত থকা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অধ্যাপক বসুথকৰ জগদীশ্বৰ ৰাৱে (Basuthkar Jagadeeshwar Rao)তেওঁৰ ভাষণত এটা জাতি গঠনত গুণগত শিক্ষাৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব আৰোপ কৰে(Professor of Hyderabad University in Guwahati) ।