গুৱাহাটী, ১৩ জনুৱাৰী :ক'ভিড 19 ত আক্ৰান্ত হৈছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী (Assam Governor Jagdish Mukhi tests covid positive) । বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বৃহস্পতিবাৰে ৰাজভৱনৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে ।
বুধবাৰে ক'ভিড 19 ত আক্ৰান্ত হোৱা ৰাজ্যপালগৰাকী বৰ্তমান গুৱাহাটীস্থিত এপ’ল' হাস্পতালত চিকিৎসাধীন হৈ আছে । নিশাৰ ভাগতে ৰাজ্যপাল গৰাকীক এপ’ল' হাস্পতালত ভৰ্তি কৰোৱা হয় (Governor Jagdish Mukhi admitted to Apollo Hospital)। তেওঁ বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি চিকিৎসকে জানিবলৈ দিয়ে । ইফালে ৰাজ্যপাল মুখীৰ পত্নীক সম্প্ৰতি ক'ভিড নিগেটিভ পোৱা গৈছে আৰু তেওঁ বৰ্তমান ৰাজভৱনতে আছে ।