গুৱাহাটী,১১ জানুৱাৰী :ন্যূনতম দামত কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে অসম চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্য চৰম ভেকোঁ ভাওনাত পৰিণত হৈছে (Assam Government's paddy procurement process fails)। ধান ক্ৰয়ৰ বাবে কৃষি বিভাগে জিলাসমূহত একাধিক ক্ৰয় কেন্দ্ৰ স্থাপনৰ কথাও ঘোষণা কৰি যোৱা ১ ডিচেম্বৰৰ পৰাই ধান ক্ৰয় আৰম্ভ হ’ব বুলিও জনাইছিল । হাস্যকৰ কথা যে বহু জিলাত এতিয়ালৈকে ধান ক্ৰয় কেন্দ্ৰত ধান ক্ৰয়ৰ কাম আৰম্ভ কৰা হোৱা নাই ।
জানুৱাৰীৰ পৰাহে কৃষকৰ পৰা ধান ক্ৰয় কৰা আৰম্ভ কৰিছে । কামৰূপ মহানগৰ জিলাত ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰত সোমবাৰৰ পৰাহে কৃষকৰ পৰা ধান ক্ৰয় কৰা আৰম্ভ কৰিছে । কৃষি বিভাগৰ তথ্য মতে বৰ্তমানলৈ ৰাজ্যৰ মাত্ৰ ৯ গৰাকী কৃষকৰ পৰাহে চৰকাৰৰ ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে মাত্ৰ ৪১৮ মেট্ৰিক টন ধান ক্ৰয় কৰিছে । য'ত চৰকাৰে কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ।
এই সন্দৰ্ভত বিৰোধী দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে এই ক্ষেত্ৰত চৰকাৰ চৰমভাৱে ব্যৰ্থ হৈছে (MLA Manoranjan Talukder criticises Assam Government) । বহু জিলাত ধান ক্ৰয় কেন্দ্ৰ নাই । তেওঁৰ মতে চৰকাৰে এই ক্ষেত্ৰত কোনো কঠোৰ আইন আনিব নিবিচাৰে । কৃষকে ধান বিক্ৰী কৰা সময় ইতিমধ্যে উকলি গৈছে ।
ৰাজ্যৰ কৃষকসকলে ইতিমধ্যে মধ্যভোগীৰ ওচৰত প্ৰতি কুইন্টল ধান ১০০০ পৰা ১২০০ টকাত বিক্ৰী কৰিছে । বিধায়কগৰাকীৰ অভিযোগ ৰাজ্যৰ কৃষি বিভাগটো সম্পূৰ্ণ ভাৱে দুৰ্নীতিত নিমজ্জিত হৈ আছে । ইপিনে অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাসে কয় যে অসম চৰকাৰৰ দ্বাৰা ঘোষিত ন্যূনতম দামত কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য চৰম ভেকোঁ ভাওনাত পৰিণত হৈছে ।