অসম

assam

ETV Bharat / state

ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ - land pattas

60 হাজাৰ খিলঞ্জীয়া ভূমিহীন লোকক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ ৷ 5 অক্টোবৰত প্ৰদান কৰিব এই পট্টা ৷ লগতে,যিসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা নাই তেওঁলোককো পট্টা প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

Assam Government will distribute 60 thousand land pattas will be given indigenous people
ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

By

Published : Sep 18, 2020, 3:42 PM IST

গুৱাহাটী, 18 ছেপ্টেম্বৰ :সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ ৷ প্ৰতিদিনে ঘোষণা কৰিছে নতুন নতুন আঁচনি ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে 60 হাজাৰ খিলঞ্জীয়া ভূমিহীন লোকক মাটিৰ পট্টা দিবলৈ সাজু হৈছে ৷ 5 অক্টোবৰত প্ৰদান কৰা হ'ব মাটিৰ পট্টা ৷ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ।

ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

উল্লেখ্য যে, ৰাজ্য চৰকাৰে প্ৰায় 45 হাজাৰ খিলঞ্জীয়া ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰিছে । সেই প্ৰক্ৰিয়াৰে পৰৱৰ্তী অংশস্বৰূপে 5 অক্টোবৰত পুনৰ 60 হাজাৰ খিলঞ্জীয়া লোকক পট্টা প্ৰদান কৰা হ'ব । ইতিমধ্যে,ৰাজহ বিভাগে এই প্ৰস্তুতি প্ৰায় শেষ কৰিছে । যিসকল ভূমিহীন খিলঞ্জীয়া লোকে বছৰৰ পিচত বছৰজুৰি এটুকুৰা মাটিত বসতি কৰি থকাৰ পিচতো পট্টা লাভ কৰা নাছিল সেইসকল লোকক পট্টা দিয়া হ'ব বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰিছে ।

আনহাতে, ৰাজ্যত এই প্ৰক্ৰিয়া পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি তেওঁ মন্তব্য প্ৰদান কৰে ৷ লগতে, অসমৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা নাই তেওঁলোককো পট্টা প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

লগতে পঢ়ক :ভদীয়া বানৰ কৱলত বিলাসীপাৰাৰ বহু গুৰুত্বপূৰ্ণ বিভাগ

ABOUT THE AUTHOR

...view details