গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : বিগত ১২ ছেপ্টেম্বৰত ই টিভি ভাৰতে এটা বাতৰি পৰিবেশন কৰিছিল যে, ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা ৬০০ কোটি টকা ঋণ লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু খুব সোনকালেই এই প্ৰক্ৰিয়া আৰম্ভ হ’ব । যি সময়ত ৰাজ্যৰ বিত্তীয় অৱস্থা টনকিয়াল বুলি চৰকাৰৰ ফালৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই থকা হৈছে ।
লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ বেংক একাউন্টত ধন আদায় দি অহা হৈছে সেই হেন চৰকাৰখনে আকৌ ভিক্ষাপাত্ৰ হাতত ল’বলগীয়া হোৱাটো চিন্তনীয় । কিন্তু যি কি নহওক, ই টিভি ভাৰতে ১২ ছেপ্টেম্বৰত প্ৰকাশ কৰা সেই বাতৰি যে এক বিন্দুও ভুল নাছিল সেয়া আজি কাগজে কলমে প্ৰমাণ হ'ল ।