গুৱাহাটী, 14 মে’ : বিভিন্ন দল-সংগঠনৰ ব্যাপক সমালোচনাৰ পিচতো অব্যাহত আছে অসম চৰকাৰৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া । চমক সৃষ্টিৰ ক্ষেত্রত সদায়ে আগত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ যেন অভিলেখ সৃষ্টি কৰিব বিচাৰিছে । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুটা মাহতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত মুকলি বজাৰৰ পৰা 2000 কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 16 মে'ত পুনৰ 1000 কোটি টকা ঋণ ল'বলৈ ওলাইছে । সেই মর্মে বিত্ত বিভাগৰ আয়ুক্ত-সচিবগৰাকীয়ে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে (Assam govt total debt) ।
লক্ষণীয় বিষয় যে, উন্নয়নমূলক শিতানৰ নামত চৰকাৰখনে 8 মে’ত মুকলি বজাৰৰ পৰা 1000 কোটি টকাৰ ঋণ লৈছিল । অর্থাৎ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হ'বগৈ 3000 কোটি টকা । উল্লেখ্য যে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত 48,801 কোটি টকা ঋণ লোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰীয়া বিত্তীয় বৰ্ষত লোৱা ঋণৰ পৰিমাণ আছিল 40,508 কোটি টকা (Debt burden on Assam government) ।
আনহাতে যোৱা এপ্রিল মাহৰ 1000 কোটি, 8 মে'ৰ 1000 কোটি আৰু অহা 16 মে'ত প্রস্তাৱিত 1000 কোটি টকাৰ ঋণ সামৰি ল'লে এই চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'লগৈ 43508 কোটি টকা । সেই হিচাপত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ, সোণোৱাল চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰখনৰ অধীনত লোৱা ঋণ সামৰি ল'লে ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ বোজা হ'লগৈ 1,34,273 কোটি টকা । উল্লেখ্য যে যোৱা 2021-2022 বৰ্ষত চৰকাৰে 16,955 কোটি টকা আৰু 2022-23 বৰ্ষত 23,553 কোটি টকাৰ ঋণ লৈছিল আৰু চলিত বিত্তীয় বৰ্ষত ঋণ গ্ৰহণৰ লক্ষ্য হৈছে 25,052 কোটি টকা (Total loan Amount of Assam Government) ।