গুৱাহাটী, 20 নৱেম্বৰ:ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ বাবে বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ পুনৰ মুকলি কৰি পাঠদান আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে । সেই অনুসৰি 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয় পুনৰ মুকলি কৰাৰ বাবে চৰকাৰ সাজু হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে এই বিষয়ত ৰাজ্য চৰকাৰে আনুষ্ঠানিক সিদ্ধান্ত এতিয়াও ঘোষণা কৰা নাই ।
1 ডিচেম্বৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পুনৰ মুকলিৰ চিন্তা ৰাজ্য চৰকাৰৰ
পহিলা ডিচেম্বৰৰ পৰাই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰাৰ বাবে চিন্তা - চৰ্চা অসম চৰকাৰৰ ৷ ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ৷
শিক্ষা বিভাগৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে 1 ডিচেম্বৰৰ পৰা প্ৰাথমিক স্তৰৰ বিদ্যালয় সমূহ পুনৰ মুকলি কৰি পাঠদানৰ ব্যৱস্থা কৰাৰ বাবে শিক্ষা বিভাগ ইতিমধ্যে সাজু হৈছে । উল্লেখ্য় যে বিগত 1 নৱেম্বৰৰ পৰা ৰাজ্যত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী আৰু মহাবিদ্যালয় সমূহৰ পাঠদান ইতিমধ্যে আৰম্ভ হোৱাৰ পৰিৱৰ্তে কেৱল প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ আছিল । সম্প্ৰতি ক'ভিডৰ ভয়াবহতা যথেষ্ট পৰিমাণে দূৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পুনৰ নিয়মীয়াকৈ পাঠদানৰ কথা চিন্তা কৰিছে ।
লগতে পঢ়ক:বিটিচিত যিয়ে চৰকাৰ গঠন নকৰক মোক লৈহে চৰকাৰ গঠন কৰিব লাগিবঃ মাখন স্বৰ্গীয়াৰী