অসম

assam

ETV Bharat / state

কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটী ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে - কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটি ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

11 মাৰ্চত মুক্তি লাভ কৰিছিল বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি দ্য কাশ্মীৰ ফাইল্ছে (The Kashmir Files) ৷ ছবিখন মুক্তিৰ পিছতে দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (PM Modi praises The Kashmir Files movie) প্ৰশংসা কৰিছিল ছবিখন ৷

The Kashmir Files
কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটি ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

By

Published : Mar 16, 2022, 1:54 PM IST

নিউজ ডেস্ক, 16 মাৰ্চ :বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি "দ্য কাশ্মীৰ ফাইল্ছ" মুক্তিৰ পিছতে দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধছুটী ঘোষণা কৰিছে (Half day leave for government staff in Assam) ৷

মুখ্যমন্ত্ৰীয়ে টুইটযোগে সদৰী কৰে যে, ছবিখন উপভোগ কৰিব বিচৰা কৰ্মচাৰীসকলে কেৱল তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলক এই বিষয়ে অৱগত কৰিব লাগিব আৰু পিছদিনা তেওঁলোকৰ টিকট জমা দিব লাগিব ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে মহানগৰীৰ এটা ছবিঘৰত তেওঁৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী আৰু বিজেপি বিধায়কসকলক লৈ চিনেমাখন উপভোগ কৰিছিল ।

দ্য কাশ্মীৰ ফাইলছত 1990 চনত কাশ্মিৰী পণ্ডিতসকলৰ ওপৰত কৰা আক্ৰমণৰ (exodus of Kashmiri pandits) ফলত তেওঁলোক উপত্যকাটোৰ পৰা প্ৰস্থান কৰা দৃশ্যাংশ দেখুওৱা হৈছে । ইতিমধ্যে কেইবাখনো বিজেপি শাসিত ৰাজ্যই ছবিখনৰ মনোৰঞ্জন কৰ ৰেহাই দিছে (The Kashmir Files gets tax free status) ।

শেহতীয়াকৈ, ত্ৰিপুৰাৰ মখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ জনসাধাৰণক চিনেমাখন চাবলৈ আহ্বান জনাই ৰাজ্যখনত দ্য কাশ্মীৰ ফাইলছক কৰ মুক্ত ঘোষণা কৰিছিল ।

লগতে পঢ়ক :The Kashmir files ৰ দৰ্শক হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details