গুৱাহাটী, 11 জুলাই: 1 লাখ চৰকাৰী চাকৰি, অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰে চমক সৃষ্টি কৰি অহা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাইজক আন এক চমক দিবলৈ সাজু হৈছে ৷ 3 লাখ গৃহ প্ৰৱেশ অনুষ্ঠানেৰে পুনৰ চমক সৃষ্টিৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে ৷ 13 জুলাইত ৰাজ্যত অনুষ্ঠিত হ’ব 3 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) ঘৰৰ গৃহ প্ৰৱেশ ৷
1 এপ্ৰিলৰ পাছত সম্পূৰ্ণ হোৱা 3 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) ঘৰৰ গৃহ প্ৰৱেশ কাৰ্যসূচী কলাক্ষেত্ৰত 13 জুলাইৰ দিনৰ 11 বজাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাবে উদ্বোধন কৰিব ৷ ইয়াৰ পৰৱৰ্তী সময়ত দিনৰ 11.30 বজাত প্ৰতিখন জিলা, উন্নয়ন খণ্ড তথা পঞ্চায়ততে মাননীয় সাংসদ, মন্ত্ৰী, বিধায়ক, জিলা পৰিষদৰ সভাপতি-সভানেত্ৰী আৰু সদস্য-সদস্যাসকল, পঞ্চায়ত তথা আঞ্চলিক পঞ্চায়তৰ সভাপতি-সভানেত্ৰীসকলকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে নিজ নিজ স্থানত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
প্ৰধানমন্ত্ৰী আবাস যোজনাই (গ্ৰাম্য) অসমৰ গ্ৰামাঞ্চলত থকা সকলো গৃহহীন লোকক সামৰি ল'ব পৰা নাই ৷ যাৰ বাবে গ্ৰামাঞ্চলৰ একাংশ লোকে এতিয়াও প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) আচঁনিৰ সুফল ভোগ কৰিব পৰা নাই ৷ এই সন্দৰ্ভত গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, আগন্তক সময়ত অসমৰ গ্ৰামাঞ্চলত থকা সকলো গৃহহীন লোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷ এই সন্দৰ্ভত চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে ৷