গুৱাহাটী,৩১ মে’:ন্যূনতম সমৰ্থন মূল্যত ধানৰ পাচত এইবাৰ সৰিয়হ ক্ৰয় কৰাৰ বাবে সাজু হৈছে অসম চৰকাৰ । প্ৰতি কুইণ্টলত বজাৰ মূল্যতকৈ এহাজাৰ টকা বেছিকৈ দি অসম চৰকাৰে খেতিয়কৰ পৰা ক্ৰয় কৰিব সৰিয়হ । বুধবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ।
বাজেটৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কৃষকসকলক উৎসাহিত কৰাৰ বাবে ধানৰ পাচত এইবাৰ চৰকাৰে সৰিয়হ ক্ৰয় কৰিব । বজাৰত প্ৰতি কুইণ্টল সৰিয়হ ৪৫০০ টকাত বিক্ৰী হয় । কিন্তু চৰকাৰে প্ৰতি কুইণ্টল সৰিয়হ ৫৪৫০ টকা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰিব । ইয়াৰ যোগেদি কৃষকে প্ৰতি কুইণ্টল সৰিয়হৰ ক্ষেত্রত বজাৰ মূল্যতকৈ এহাজাৰ টকা বেছিকৈ লাভ কৰিব (Mustard procurement by Assam govt) ।
চৰকাৰে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰাৰ বাবে ৰহা আৰু আমিনগাঁৱত দুটা ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যজুৰি ধান ক্ৰয় কেন্দ্ৰসমূহ সৰিয়হ ক্ৰয় কেন্দ্ৰ হিচাবে গঢ়ি তোলা হ’ব । এসপ্তাহৰ ভিতৰত সৰিয়হ ক্ৰয়ৰ বাবে ১০১ কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হ’ব মুখ্যমন্ত্রীয়ে কয় (Mustard procurement center in Assam) ।
ধান বিক্ৰীৰ দৰে সৰিয়হ বিক্ৰীৰ ক্ষেত্রতো কৃষকে ফাৰ্মাৰ ছাৰ্টিফিকেট ল’ব লাগিব । চৰকাৰে কৃষকৰ পৰা লোৱা সৰিয়হ ‘নাফেড’ক বিক্ৰী কৰিব । বেংক একাউণ্টৰ যোগেদি কৃষকে সৰিয়হৰ মূল্য লাভ কৰিব । কৃষকে যিমান সৰিয়হ বিক্ৰী কৰিব বিচাৰে চৰকাৰে সিমানে ক্ৰয় কৰিব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে এইবছৰ ৪৫ হাজাৰ মেট্ৰিকটন সৰিয়হ ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (Mustard production in Assam) ।