নিউজ ডেস্ক, 25 ছেপ্তেম্বৰ : ৰাইজৰ মাটি-বাৰীৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ মাটি-বাৰীৰ ক্ষেত্ৰত 9 টা সেৱা সামৰি ৰাজ্য চৰকাৰে সাজি উলিওৱাৰ সিদ্ধান্ত লৈথে ‘মিছন বসুন্ধৰা’ নামেৰে এক প’ৰ্টেল ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে লয় এই সিদ্ধান্ত ৷
এই প’ৰ্টেল প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব প্ৰায় 209.84 কোটি টকা ৷ এই প’ৰ্টেলত উপলৱদ্ধ সেৱাসমূহ হ’ব এনে ধৰণৰ-
- উত্তৰাধিকাৰী সূত্ৰে নামজাৰি
- দলিল সূত্ৰে নামজাৰি
- বিবাদমু্ক্ত বাটোৱাৰা
- একচনীয় পট্টাৰ ম্যাদী পট্টাকৰণ
- মাটিৰ শ্ৰেণী পৰিৱৰ্তন
- ৰাজহ নথিৰ পৰা দখল, স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন
- আবণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ
- ভূমি নথিৰ সংশোধনী
- ভূমি নথিত পট্টাদাৰৰ ম’বাইল ফোন নম্বৰৰ অন্তৰ্ভূক্ত