অসম

assam

By

Published : Jul 15, 2021, 3:59 PM IST

ETV Bharat / state

যোগীৰ আৰ্হিৰে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ খচৰা অসম চৰকাৰৰ

দ্ৰুতগতিত চলিছে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ খচৰা প্ৰস্তুতৰ কাম । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে তদাৰক কৰিছে খচৰা প্ৰস্তুতৰ কাম । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰস্তুত কৰা জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখনৰ খচৰাকে আৰ্হি হিচাপে লৈ অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ খচৰা প্ৰস্তুত কৰা হৈছে ।

Assam government population control draft bill
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৫ জুলাই: মাহজোৰা কাৰ্যসূচীৰে চলি থকা অসম বিধানসভাৰ এই বাজেট অধিৱেশনত দুখনকৈ অতি গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ কথা আছিল । ইয়াৰে এখন ইতিমধ্যে বিধানসভাত চৰকাৰৰ ফালৰ পৰা উত্থাপন কৰা হৈছে আৰু আনখনৰ খচৰা দ্ৰুতগতিত প্ৰস্তুত কৰি থকা হৈছে । গুৰুত্বপূৰ্ণ এই বিধেয়ক দুখনৰ ভিতৰত গো-সুৰক্ষা বিধেয়কখন ইতিমধ্যে সদনত উত্থাপিত কৰা হৈছে ৷ তাকে লৈ সীমাহীন বিতৰ্কও আৰম্ভ হৈছে ।

আনহাতে, ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই বিতৰ্ক আৰম্ভ হোৱা জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখন এতিয়াও বিধানসভাত উত্থাপন কৰা হোৱা নাই যদিও চলিত অধিৱেশনতে উত্থাপন কৰা হ'ব । ইটিভি ভাৰতৰ হাতত পৰা খবৰ মতে, স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজে এইখন বিধেয়কৰ খচৰা প্ৰস্তুতৰ ক্ষেত্ৰত তদাৰক কৰি আছে । একেটা চৰকাৰী সুত্ৰই প্ৰকাশ কৰা মতে, অসমত এই বিধেয়কখন প্ৰস্তুতৰ ক্ষেত্ৰত ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰস্তুত কৰা জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখনৰ খচৰাকে আৰ্হি হিচাপে লোৱা হৈছে ।

যোগীৰ আৰ্হিৰে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ খচৰা অসম চৰকাৰৰ

উত্তৰ প্ৰদেশ চৰকাৰেও জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতবোৰ অত্যন্ত কঠোৰ নীতি-নিয়ম আৰু বাধা নিষেধৰে পৰিপূৰ্ণ এখন নতুন আইন ৰাজ্যখনত প্ৰয়োগ কৰিবলৈ অগ্ৰসৰ হৈছে । সেই আইনৰ খচৰা ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজহুৱা কৰিছে । অসম চৰকাৰেও অনুৰূপ ধৰণৰ বিধেয়কখন প্ৰস্তুতৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশক আৰ্হি হিচাপে লৈ খচৰাৰ কাম চলাই আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।

গতিকে অসমতো যে যোগী চৰকাৰৰ সেই আইনৰ প্ৰভাৱ পৰিব সেয়া অৱধাৰিত । সেই অনুসৰি দুটাতকৈ অধিক সন্তান থকা চৰকাৰী চাকৰিয়ালে হয়তো অনাগত দিনত নাপাব পদোন্নতিৰ কোনো সুবিধা । চৰকাৰী চাকৰি নকৰা দুটাতকৈ অধিক সন্তান থকা লোকে লাভ নকৰিব কোনো চৰকাৰী সা-সুবিধা ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

আনকি অৱতীৰ্ণ হ'ব নোৱাৰিব নিৰ্বাচনতো । মুঠতে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ ক্ষেত্ৰত অসম আৰু উত্তৰ প্ৰদেশৰ মাজত বৰ বিশেষ পাৰ্থক্য নাথাকিব বুলি প্ৰায় নিশ্চিত হৈছে ।

লগতে পঢ়ক: বঙাইগাঁৱত আৰক্ষীৰ জালত ২ তেল চোৰ

ABOUT THE AUTHOR

...view details