গুৱাহাটী, 29 নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গছ পুলি ৰোপণ আৰু বিহু নৃত্যৰ পুনৰ এক নতুন বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ সফল ৰূপায়ণেৰে 9 টাকৈ গীনিজ বিশ্ব অভিলেখ গঢ়াৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত মুখ্যমন্ত্ৰী ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা সদৰী কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা বছৰ অসমত 3 কোটি গছ পুলি ৰোপণ কৰি আন এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে ৷ পুনৰ 2025 চনৰ 7 এপ্ৰিলত নতুন দিল্লীত 25 হাজাৰ বিহুৱা আৰু বিহুৱতীৰ বিহু নৃত্যৰে আন এক এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তেওঁ কয় যে ইতিমধ্যে অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক বিহুৱতীৰ বিহু নৃত্যৰে গীনিজ বিশ্ব অভিলেখ গঢ়ি তুলিছে ৷ এই অভিলেখ আকৌ ভংগ কৰি 2025 চনত 7 এপ্ৰিলত নতুন দিল্লীত 25 হাজাৰ বিহুৱা আৰু বিহুৱতীৰ বিহু নৃত্যৰে আন এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলা হ'ব ৷